ETV Bharat / bharat

প্ৰয়াগৰাজ আদালতত ভাৰ্চুৱেলী উপস্থিত মাফিয়া আতিক আহমেদৰ পুত্ৰ আলী - prayagraj court - PRAYAGRAJ COURT

Gangstar Ali Ahmed : আতিক আহমেদৰ পুত্ৰ আলী প্ৰয়াগৰাজত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত উপস্থিত থাকে । আদালতে বিষয়টো সন্দৰ্ভত ৪ এপ্ৰিলত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ।

আদালতত ভাৰ্চুৱেলী উপস্থিত মাফিয়া আতিক আহমেদৰ পুত্ৰ আলী

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:38 AM IST

নিউজ ডেস্ক, ২২ মাৰ্চ : নয়নী কেন্দ্ৰীয় কাৰাগাৰত বন্দী গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আলী আহমেদ বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰে । আনহাতে, আতিক আহমেদৰ ডাঙৰ পুত্ৰ ওমৰো লক্ষ্ণৌ কাৰাগাৰৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে ।

আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৪ এপ্ৰিলৰ দিনটো নিৰ্ধাৰণ কৰিছে ৷ মাফিয়া পুত্ৰ দুগৰাকীৰ সৈতে সম্পৰ্কিত ধনদাবী, মাৰপিট আৰু প্ৰাণ নাশমূলক আক্ৰমণৰ এই গোচৰটোৰ শুনানি ৪ এপ্ৰিলত হ'ব ৷ বৃহস্পতিবাৰে নিৰ্ধাৰিত তাৰিখত এইগৰাকী মাফিয়াৰ পুত্ৰ দুজনে সোঁশৰীৰে আদালতত উপস্থিত হোৱাৰ পৰিৱৰ্তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে ।

এই গোচৰটোৰ শুনানি আবেলি এচিজেএম-৭ আদালতত আৰম্ভ হয় আৰু আদালতে পৰৱৰ্তী শুনানিৰ বাবে ৪ এপ্ৰিলৰ তাৰিখ নিৰ্ধাৰণ কৰে ।

উল্লেখ্য যে, মাফিয়া আতিক আহমেদৰ দ্বিতীয় পুত্ৰ আলী আহমেদৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ শুনানিৰ বাবে তেওঁক বৃহস্পতিবাৰে জিলা আদালতলৈ অনা হ'ব বুলি আশা কৰা হৈছিল । কিন্তু উকীলসকলৰ সৈতে আলোচনাৰ পিচত তেওঁক ভাৰ্চুৱেলী অংশগ্ৰহণ কৰোৱা হয় ।

পৰৱৰ্তী তাৰিখটো অস্ত্ৰ আইন, আলী আহমেদৰ বিৰুদ্ধে পঞ্জীয়ন কৰা প্ৰাণনাশমূলক আক্ৰমণ আৰু প্ৰৱঞ্চনা সম্পৰ্কীয় গোচৰবোৰত অনলাইন উপস্থিতিৰে নিৰ্ধাৰণ কৰা হৈছে । আলী আহমেদৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে ।

ইয়াৰ পূৰ্বে 13 মাৰ্চত আলী আহমেদৰ হৈ আদালতত ডিচচাৰ্জ আবেদন দাখিল কৰাৰ বাবে আপীল কৰা হৈছিল । তাৰ পিচত আদালতে আলীক ডিচচাৰ্জ আবেদন দাখিল কৰাৰ সুযোগ প্ৰদান কৰে ৷ কিন্তু এতিয়া বিষয়টোৰ শুনানি ৪ এপ্ৰিলত হ'ব । অভিযুক্ত আতিক আহমেদৰ দ্বিতীয় পুত্ৰ আলীক দুবছৰৰো অধিক সময় ধৰি নয়নী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ।

ইফালে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ ধুমানগঞ্জ আৰক্ষী থানা অঞ্চলৰ জয়ন্তীপুৰ অঞ্চলত অধিবক্তা উমেশ পাল আৰু তেওঁৰ সৈতে থকা দুজন কনিষ্টবলক হত্যা কৰা হয় । উক্ত ত্ৰিপল মাৰ্ডাৰ গোচৰটোত নয়নী কেন্দ্ৰীয় কাৰাগাৰত বন্দী আলী আহমেদৰ নামো আৰক্ষীৰ তদন্তত উত্থাপিত হয় ।

পিচত তদন্তত ত্ৰিপল মাৰ্ডাৰ ষড়যন্ত্ৰত জড়িত অভিযুক্তসকলৰ ভিতৰত আলী আহমেদৰ নামো অন্তৰ্ভুক্ত কৰা হয় । আৰক্ষীয়ে কাৰাগাৰত থকা আলী আহমেদৰ বিৰুদ্ধে সকলো প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে আলীৰ বিৰুদ্ধে অন্যান্য প্ৰমাণ-সাক্ষ্য সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : নিজৰ ঘৰ-বাৰী এৰি দেৰাদুনৰ হাৰিছ এদিন হৈ পৰিল আইছিছ ভাৰতৰ মুৰব্বী - ISIS India Head Haris Farooqi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.