ETV Bharat / bharat

প্ৰকৃতিৰ ৰোষত অন্ধ্ৰপ্ৰদেশ : মৃত্যুৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি - Andhra Pradesh flood - ANDHRA PRADESH FLOOD

Andhra Pradesh flood: ধাৰাসাৰ বৰষুণৰ পিচতে অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ কৃত্ৰিম বান আৰু ভূমিস্খলন । বিভিন্ন ঘটনা ৭ গৰাকী লোকৰ মৃত্যু । মৃতকৰ আত্মীয়লৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ ।

Andhra Pradesh flood
প্ৰকৃতিৰ ৰোষত অন্ধ্ৰপ্ৰদেশ; মৃত্যুৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি (X@Weathermonitors)
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:27 AM IST

নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ : ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ কৱলত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা । শনিবাৰে ভূমিস্খলনৰ ফলত বিজয়ৱাড়াত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ফলস্বৰূপে বৰষুণ সম্পৰ্কীয় বিভিন্ন ঘটনাত অন্ধ্ৰপ্ৰদেশত মৃত্যুৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি হৈছে ।

  • অন্ধ্ৰপ্ৰদেশত কৃত্ৰিম বান

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে শুকুৰবাৰে নিশাৰে পৰা বিজয়ৱাড়াকে ধৰি অন্ধ্ৰপ্ৰদেশৰ কেইবাটাও অঞ্চলত নেৰানেপেৰা বৰষুণ হৈ আছে । শনিবাৰে পুৱা ৮.৩০ বজালৈ বিজয়ৱাড়াত ১৮ চেঃমিঃ বৰষুণ হৈছে আৰু শনিবাৰৰ দিনটোত বৰষুণ হৈ থাকিব বুলিও বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ।

ইফালে কৃত্ৰিম বানৰ কবলত পৰিছে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চল । চহৰখনৰ প্ৰায় ২২ টা অঞ্চল প্ৰভাৱিত হৈছে । পানী নিষ্কাষণৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

  • ৭ গৰাকী লোকৰ মৃত্যু

গুন্টুৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত উপপালাপাডু নলাত এখন বাহন সোমাই যায় । ফলত দুটি শিশুসহ ৩ গৰাকী লোক নিহত হয় । ইয়াৰ উপৰিও, বিজয়ৱাড়াৰ মুগলৰাজপুৰমত ভূমিস্খলনৰ কেইবাটাও পৃথক ঘটনাত ৪ গৰাকী লোক নিহত হয় আৰু আন ৫ গৰাকী লোক আহত হয় ।

  • তৎপৰ মুখ্যমন্ত্ৰী

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে । লগতে বৰষুণ প্ৰভাৱিত অঞ্চলসমূহত বিষয়াসকলক সক্ৰিয় হ'বলৈ নিৰ্দেশ দিছে । একেদৰে বিভিন্ন ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । প্ৰভাৱিত অঞ্চলসমূহত বিদ্যালয় বন্ধৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈও প্ৰশাসনক নিৰ্দেশ দিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আৰৱ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ 'আছনা'ৰ ফলত গুজৰাটত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । উত্তৰ-পূব আৰৱ সাগৰৰ ওপৰেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশে আৰু ভাৰতীয় উপকূলৰ পৰা এই ঘূৰ্ণীবতাহ আঁতৰি যোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি - Earthquake strikes Nagaland

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.