ETV Bharat / bharat

দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত বোমাৰ আতংক বিয়পালে কোনে ? - Bomb Threat Delhi To Dubai Flight - BOMB THREAT DELHI TO DUBAI FLIGHT

Bomb Threat in Delhi Airport : দিল্লীৰ পৰা ডুবাই অভিমুখে উৰা মৰা বিমানত বোমাৰ আতংক ৷ দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড কৰ্তৃপক্ষই ই-মেইলযোগে লাভ কৰে এই খবৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান ৷ অনুসন্ধানত কি লাভ কৰিলে আৰক্ষীয়ে ?

BOMB THREAT DELHI TO DUBAI FLIGHT
বিমানত বোমাতংক (Source : File Photo Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 1:29 PM IST

Updated : Jun 18, 2024, 2:44 PM IST

নেশ্যনেল ডেস্ক, 18 জুন : নতুন দিল্লীৰ পৰা ডুবাই অভিমুখে উৰা মৰা এখন বিমানত বোমা থকাৰ খবৰে সৃষ্টি কৰে আতংকৰ ৷ সোমবাৰে নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰ্তৃপক্ষই ই-মেইলৰ জৰিয়তে এই খবৰ লাভ কৰাৰ পিছতে একপ্ৰকাৰ আলোড়নৰ সৃষ্টি হয় ৷

দিল্লী আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, সোমবাৰে পুৱা প্ৰায় 9.30 বজাত এই খবৰ লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ই-মেইলত উল্লেখ কৰা অনুসৰি, দিল্লী-ডুবাই অভিমুখী এখন বিমানত ৰখা হৈছে বোমা ৷ এই খবৰ লাভৰ পিচতে সুৰক্ষাকৰ্মীৰ দলে বিমানখনত তন্ন-তন্নকৈ তালাচী চলাই যদিও তেনে কোনো সন্দেহজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ই-মেইল ভুৱা বুলি নিশ্চিত কৰে ৷

লগতে পঢ়ক: বিমানবন্দৰত বোমাৰ আতংক, এজন গ্ৰেপ্তাৰ - Bomb threat email

কেইদিনমান পূৰ্বেও দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনুৰূপ ঘটনা ঘটিছিল ৷ গন্তব্যস্থানলৈ উৰা মাৰিবলৈ লোৱা প্ৰায় ছয়খনকৈ বিমানে এনেদৰে ভুৱা ফোনকল লাভ কৰিছিল, য’ত বিমানত বোমা থকা বুলি উল্লেখ কৰা হৈছিল ৷ শেহতীয়াকৈ কানাডালৈ উৰা মৰা এখন বিমানেও বোমাৰ ভাবুকি লাভ কৰিছিল । তাৰ পিচত আৰক্ষীয়ে এয়া এগৰাকী 13 বছৰীয়া কিশোৰৰ কাণ্ড বুলি চিনাক্ত কৰি কিশোৰটোক আটক কৰে ৷

লগতে পঢ়ক: Suspicious grenade recovered: যোৰহাটত সেনাৰ চাউনীত বোমা বিস্ফোৰণৰ পাছতে তিনিচুকীয়াতো বোমাৰ আতংক

উল্লেখ্য যে, বিগত মে’ মাহৰ 16 তাৰিখতো এয়াৰ ইণ্ডিয়াৰ এখন বিমানত টিচ্যু পেপাৰত বোমা থকাৰ খবৰ পোৱা গৈছিল ৷ সমান্তৰালকৈ চলিত বৰ্ষৰে জানুৱাৰীত দিল্লী-দৰভাংগাৰ এখন বিমানত বোমা থকাৰ খবৰ লাভ কৰিছিল বিমানবন্দৰ কৰ্তৃপক্ষই ৷

তদুপৰি 12 মে'ত দিল্লী বিমানবন্দৰৰ লগতে জয়পুৰ বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকিও লাভ কৰিছিল বিমানবন্দৰ কৰ্তৃপক্ষই ৷ দেশৰ অন্যান্য বিমানবন্দৰসমূহেও মাজে মাজে একেধৰণৰ ফোনকল লাভ কৰিছিল যদিও আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰ দলে পৰৱৰ্তী সময়ত ইয়াক ভুৱা প্ৰতিপন্ন কৰিছিল ৷

লগতে পঢ়ক: Bomb scare near Golden Temple : স্বৰ্ণ মন্দিৰৰ সমীপত বোমাতংক, ৫ জনক আটক

Threats to blow up school again in Delhi: দিল্লীৰ বিদ্যালয়ত পুনৰ বোমৰ আতংক

Bomb threat on Moscow-Goa flight: চলন্ত বিমানত বোমাতংক, জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ

Last Updated : Jun 18, 2024, 2:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.