ETV Bharat / bharat

ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ সহযোগীও হ’ব নিৰ্বাচনৰ প্ৰাৰ্থী - Dibrugarh Central Jail

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:15 PM IST

Amritpal Singh's partner to contest election : অমৃতপাল সিঙৰ পিচত ডিব্ৰুগড় কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব আন এগৰাকী কাৰাবন্দী ৷ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে ৷

Amritpal Singh's partner to contest election
অমৃতপালৰ সহযোগী কাৰাবন্দীও হ’ব নিৰ্বাচনৰ প্ৰাৰ্থী (ETV Bharat Photo)

নিউজ ডেস্ক, 26 জুন: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে 2024ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ পঞ্জাৱৰ খাদুৰ ছাহিব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিতও হ’ল পাঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে'ৰ শীৰ্ষ নেতাগৰাকী ৷

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অমৃতপাল সিঙৰ লগতে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে তেওঁৰ এগৰাকী সহযোগী ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকেও এতিয়া কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ পঞ্জাৱৰ গিদ্দাৰবাহাৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজ দিব কাৰাবন্দী ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে ৷

লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন

বাজেকেৰ পুত্ৰৰ পৰা লাভ কৰা তথ্য:

প্ৰধানমন্ত্ৰী বাজেকেৰ পুত্ৰই এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিছে কেতবোৰ তথ্য ৷ তেওঁ কয় যে পিতৃয়ে প্ৰধানমন্ত্ৰী বাজেকে কাৰাগাৰত থাকিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ শিখ সংগতকো তেওঁলৈ সমৰ্থন আগবঢ়াবলৈ আবেদন জনোৱা হৈছে ৷ ৰাজা ৱাৰিং লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হোৱাৰ পিচত গিদ্দাৰবাহা বিধানসভা আসনৰ পৰা পদত্যাগ কৰে ৷ ফলত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

অমৃতপাল সিঙেও কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল :

উল্লেখ্য যে একেখন কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে 2024ৰ লোকসভা নিৰ্বাচনত খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ বৃহৎ সংখ্যক ভোট লাভ কৰি জয়ী হৈছিল সাংসদ হিচাপে ৷ অৱশ্যে তেওঁক সাংসদ হিচাপে শপতগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ৷

ৰাষ্ট্ৰদ্ৰোহৰ গোচত কাৰাবন্দী বাজেক :

লক্ষ্যণীয়ভাৱে, খাদুৰ চাহিবৰ পৰা নৱ-নিৰ্বাচিত সাংসদ অমৃতপাল সিং আৰু তেওঁৰ সহকৰ্মীসকলৰ কাৰাবন্দিত্বৰ সময়ৰ অধিক এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে ৷ ফলত আৰু এবছৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্তসকল ৷ পাপলপ্ৰীত, প্ৰধানমন্ত্ৰী বাজেকে, দলজিৎ কলচী আৰু অমৃতপাল সিঙৰ অন্যান্য সহযোগীসকলৰ কাৰাবন্দিত্বৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ 2023 বৰ্ষৰ মাৰ্চ মাহত, তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰাৰ পিচত ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: হাতত মিঠাইৰ টোপোলা লৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ পিতৃ-মাতৃ

উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত লোকসভা নিৰ্বাচনত অমৃতপাল সিঙে খাদুৰ চাহিব সমষ্টিৰ পৰা ২ লাখতকৈও অধিক ভোট লাভ কৰি জয়লাভ কৰে । ফলত সাংসদ হিচাপে তেওঁৰ শপতগ্ৰহণক লৈ যথেষ্ট জল্পনা-কল্পনা অব্যাহত আছে ৷ কিন্তু তেওঁৰ কাৰাবন্দিত্বক কাল এবছৰ বৃদ্ধি কৰাৰ ফলত শপতগ্ৰহণৰ কাৰ্যসূচী পিচুৱাই দিয়া হৈছে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী অমৃতপাল সিঙৰ শপতগ্ৰহণৰ দিন এতিয়াও নিশ্চিত হোৱা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.