ETV Bharat / bharat

জম্মু-কাশ্মীৰত বৰ্ধিত সন্ত্ৰাসবাদৰ শাস্তি ? দুই বি এছ এফ প্ৰধানক অপসাৰণ কেন্দ্ৰৰ - Centre Removes BSF DG

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 11:28 AM IST

Centre Removes BSF DG : ১৯৮৯ বেচৰ কেৰালা কেডাৰৰ বিষয়া আগৰৱাল যোৱা বছৰ জুনত বি এছ এফৰ মুৰব্বী হৈছিল । তেওঁ ২০২৬ চনৰ জুলাইত অৱসৰ গ্ৰহণ কৰিবলগা আছে । আনহাতে, ১৯৯০ বেচৰ ওড়িশা কেডাৰৰ খুৰানিয়াই পশ্চিম খণ্ডত পাকিস্তান সীমান্তত বাহিনীৰ নেতৃত্ব দি আছিল ।

Centre Removes BSF DG and SDG
দুই বি এছ এফ প্ৰধানক অপসাৰণ কেন্দ্ৰৰ (ANI Photo)

নিউজ ডেস্ক, ৩ আগষ্ট : সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ সঞ্চালক প্ৰধান (ডি জি) আৰু উপ-বিশেষ সঞ্চালক প্ৰধানক (ডি এছ ডি জি) পদবীৰ পৰা অপসাৰণ কৰিছে কেন্দ্ৰই । শুকুৰবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি, কেন্দ্ৰই বি এছ এফৰ সঞ্চালক প্ৰধান নীতিন আগৰৱাল আৰু উপ-বিশেষ সঞ্চালক প্ৰধান (পশ্চিম) ৱাই বি খুৰানিয়াক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ নিজ নিজ ৰাজ্যিক কেডাৰলৈ প্ৰত্যাৱৰ্তন কৰোৱা হৈছে ।

উল্লেখ্য যে, ভাৰত-পাকিস্তান সীমান্তৰ জম্মু অঞ্চলত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী ঘটনাৰ পিচতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দুগৰাকীক অপসাৰণ কৰাৰ পদক্ষেপটো গ্ৰহণ কৰা হৈছে । ৰাজৌৰী, পুঞ্চ, ৰিয়াচি, উধমপুৰ, কঠুৱা আৰু ডোডাৰ দৰে জিলাত এই বছৰ ১১ গৰাকী নিৰাপত্তাৰক্ষী আৰু এজন গাঁওৰক্ষীসহ কমেও ২২ জন লোক সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে । তেনে পৰিস্থিতিত বিষয়া দুগৰাকীক নিজৰ পদবীৰ পৰা অপসাৰণ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

আনহাতে, সীমান্ত সুৰক্ষাৰ বাবে দায়বদ্ধ বি এছ এফে কোনো ধৰণৰ অনুপ্ৰৱেশৰ ঘটনা অস্বীকাৰ কৰিছে । উল্লেখ্য যে বিগত মাহত কঠুৱা আৰু ডোডা জিলাত সংঘৰ্ষত পাঁচ সন্ত্ৰাসবাদী নিহত হয় । এই ঘটনাৱলীৰ মাজতে কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে এক পৃথক আদেশ জাৰি কৰি বিষয়াকেইগৰাকীক 'তাৎক্ষণিকভাৱে কাৰ্যকৰী' হোৱাকৈ 'অকালতে' প্ৰত্যাৱৰ্তন ঘটায় ।

উল্লেখ্য যে, ১৯৮৯ বেচৰ কেৰালা কেডাৰৰ বিষয়া আগৰৱাল যোৱা বছৰ জুনত বি এছ এফৰ মুৰব্বী হৈছিল । তেওঁ ২০২৬ চনৰ জুলাইত অৱসৰ গ্ৰহণ কৰিবলগা আছে । আনহাতে, ১৯৯০ বেচৰ ওড়িশা কেডাৰৰ খুৰানিয়াই পশ্চিম খণ্ডত পাকিস্তান সীমান্তত বাহিনীৰ নেতৃত্ব দি আছিল ।

ইফালে খুৰানিয়া ওড়িশাৰ আৰক্ষী বাহিনীৰ মুৰব্বী বা আৰক্ষী সঞ্চালক প্ৰধান হ'ব বুলি আশা কৰা হৈছে । ৰাজ্যখনত শেহতীয়াভাৱে বিজেপিয়ে প্ৰথমবাৰৰ বাবে নতুন চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে । ইয়াৰ উপৰি কেবিনেট নিযুক্তি সমিতিয়ে 1989 বেচৰ ওড়িশা কেডাৰৰ বিষয়া অমৃতমোহন প্ৰসাদক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে ।

লগতে পঢ়ক :ভাৰতীয় সেনাৰ এডজুটেণ্ট জেনেৰেলৰ দায়িত্ব গ্ৰহণ লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকৰ - Lt Gen VPS Kaushik
লগতে পঢ়ক :অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ দায়িত্বত লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা - Assam Rifles

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.