ETV Bharat / bharat

অমৰনাথ যাত্ৰাৰ তৃতীয় দিন : ৬৪৬১ গৰাকী যাত্ৰীৰে আৰম্ভ অমৰনাথ গুহা দৰ্শনৰ যাত্ৰা - Amarnath Yatra 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 2:22 PM IST

AMARNATH CAVE DARSHAN : অমৰনাথ গুহা দৰ্শন যাত্ৰাৰ বাবে ৪৮৩১ জন পুৰুষ, ১২২৩ গৰাকী মহিলা, ১৪ টি শিশু, ৩৩২ জন সাধু আৰু ৬১ গৰাকী সাধ্বী ৰাওনা । ২৯ জুনত আৰম্ভ হোৱা অমৰনাথ গুহা দৰ্শন যাত্ৰা ১৯ আগষ্টত সমাপ্ত হ'ব ।

AMARNATH CAVE DARSHAN
অমৰনাথ গুহাত দৰ্শন যাত্ৰা (ANI)

নেশ্য়নেল ডেস্ক,১ জুলাই : কঠোৰ নিৰাপত্তাৰ মাজতে সোমবাৰে পুৱা জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা আৰম্ভ হৈছে অমৰনাথ গুহাত দৰ্শন যাত্ৰা । আজি ৬৪৬১ গৰাকী যাত্ৰীয়ে ২৬৫ খন বাহনত কাশ্মীৰ উপত্যকাৰ পেহেলগাম আৰু বালতাললৈ ৰাওনা হৈছে অমৰনাথ গুহা দৰ্শন কৰিবলৈ ।

উল্লেখ্য় যে, আজি এই যাত্ৰাৰ তৃতীয় দিন । এই সন্দৰ্ভত বিষয়াসকলে কয় যে অনন্তনাগ জিলাৰ পেহেলগামৰ গুহাটো যোৱা দুদিনত ২৮,৫৩৪ গৰাকী যাত্ৰীয়ে দৰ্শন কৰিছে । আজি জম্মুৰ পৰা কাশ্মীৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীসকলৰ ভিতৰত আছে ৪৮৩১ জন পুৰুষ আৰু ১২২৩ গৰাকী মহিলা ।

তদুপৰি এই যাত্ৰীসকলৰ ভিতৰত ১৪ টি শিশু, ৩৩২ জন সাধু আৰু ৬১ গৰাকী সাধ্বীও আছে । এই যাত্ৰীসকলক পেহেলগামৰ নুনৱান আৰু সোনমাৰ্গৰ বালতালৰ আধাৰ শিবিৰলৈ নিয়া হৈছে । ইয়াৰ পৰাই তেওঁলোকে পাহাৰীয়া ৰাস্তাৰে গুহালৈ ৰাওনা হ'ব ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ বান্দিপোৰাত গুলীবৰ্ষণ, নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত - Bandipora Gunshots

বিষয়াসকলে এই সন্দৰ্ভত কয় যে বেছিভাগ যাত্ৰীয়ে বালতালৰ মাজেৰে গুহাটো দৰ্শন কৰিবলৈ পচন্দ কৰে । কাৰণ এইটো হৈছে পেহেলগামৰ চন্দনৱাড়ীতকৈ আটাইতকৈ কম দূৰত্বৰ পথ । জম্মুৰ পৰা কাশ্মীৰ উপত্যকালৈ যোৱা বাহনবোৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধ সামৰিক সুৰক্ষা বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাই কঠোৰ সুৰক্ষাৰ মাজেৰে কঢ়িয়াই নিয়ে ।

বিষয়াসকলে পুনৰ কয় যে যেতিয়া এই যাত্ৰীসকলক নিয়া হয় তেতিয়া যাত্ৰাৰ কনভয়ৰ উন্নত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ৰাজপথত সকলো ধৰণৰ অসামৰিক যান-বাহন কম সময়ৰ বাবে বন্ধ কৰি দিয়া হয় । উল্লেখ্য় যে, যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাটো ১৯ আগষ্টত সমাপ্ত হ'ব ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ দমনৰ বাবে শূন্য সহনশীল পৰিকল্পনা গ্ৰহণৰ নিৰ্দেশ অমিত শ্বাহৰ - AMIT SHAH CHAIRS JK SECURITY MEET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.