ETV Bharat / bharat

অৰুণাচলৰ ল'ৱাৰ দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পত অঘটন : টানেল খহি নিহত শ্ৰমিক - Dibang Valley Hydroelectric Project

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:28 PM IST

Lower Dibang Valley Hydroelectric Project : ল'ৱাৰ দিবাং ভেলীত নিৰ্মাণ কৰা সৰ্ববৃহৎ নদীবান্ধত অঘটন ৷ টানেল খহি কৰ্মৰত কোচবিহাৰৰ এজন লোকৰ মৃত্যু ৷ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত নীৰৱ দল-সংগঠন ৷

Lower Dibang Valley Hydroelectric Project
ল'ৱাৰ দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পত টানেল খহি নিহত শ্ৰমিক (Etv Bharat Assam)

তিনিচুকীয়া, ১৬ জুলাই : বৃহৎ নদীবান্ধৰ সুযোগ-বিপদ সন্দৰ্ভত ইতিমধ্যে বহু আলোচনা হৈছে । এই নদীবান্ধে যে মানুহৰ জীৱনলৈ ভয়ানক বিপদ মাতি আনিব পাৰে সেই সন্দৰ্ভতো বিভিন্ন পক্ষৰ পৰা প্ৰশ্ন উত্থাপন কৰা হৈছে । কিন্তু এই বিষয়ত যেন সংশ্লিষ্ট কৰ্তৃপক্ষ তথা চৰকাৰৰ কোনো কাণসাৰ নাই । অবিৰাম গতিত চলাই গৈছে এই নদীবান্ধৰ কাম ।

বাদ-প্ৰতিবাদৰ মাজতেই অসমৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলী জিলাৰ ডাম্বুকত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম যুদ্ধকালীন গতিত চলি আছে ৷ যুদ্ধকালীন গতিত চলি থকা এই নদীবান্ধ প্ৰকল্পত মঙলবাৰে পুৱতিনিশা এক অঘটন সংঘটিত হয় ৷

Lower Dibang Valley Hydroelectric Project
অৰুণাচলৰ ল'ৱাৰ দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ টানেল (ETV Bharat Assam)

তথ্য অনুসৰি, এই নিৰ্মীয়মাণ প্ৰকল্পটোত CCVT নামৰ টানেলটো মঙলবাৰে পুৱতিনিশা প্ৰায় ৩ বজাত খহি পৰে য যাৰ ফলত উক্ত টানেলত কৰ্মৰত এজন ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিজন কোচবিহাৰৰ পৰিমল উদয় বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত ব্যক্তিজনৰ মৃতদেহটো ৰয়িং চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় । অৱশ্যে টানেলটো কেনেদৰে খহি পৰিল, অথবা কাৰ গাফিলতি বাবে এগৰাকী শ্ৰমিকৰ মৃত্যু হ’ল সেই সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰা নাই এন এইচ পি চি কৰ্তৃপক্ষই ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলী জিলাৰ ডাম্বুকত নিৰ্মাণকাৰ্য চলি থকা এন এইচ পি চিৰ এই নদীবান্ধটো সৰ্ববৃহৎ নদীবান্ধ ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পতকৈও বহু গুণে ডাঙৰ এই প্ৰকল্পটো ৷ নদীবান্ধটোৰ উচ্চতা প্ৰায় ১৮৮ মিটাৰ ৷

আনহাতে, এই সৰ্ববৃহৎ নদীবান্ধটো যদি কেনেবাকৈ ভাঙিবলৈ হয়, তেন্তে তিনিচুকীয়া, ডিব্ৰুগড় জিলাকে আদি কৰি উজনি অসমক প্ৰায় নিশ্চিহ্ন কৰি তুলিব বুলিও ইতিমধ্যে চৰ্চা চলিছে ৷ অৱশ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সকলো দল-সংগঠনে প্ৰতিবাদ গঢ়ি তুলিছিল যদিও সকলো তথ্য লাভ কৰাৰ পাচতো অসমৰ জাতীয় দল-সংগঠন তথা ৰাজনৈতিক দলসমূহে ল'ৱাৰ দিবাং ভেলীত নিৰ্মাণ কৰা সৰ্ববৃহৎ নদীবান্ধটোৰ ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাটো ৰহস্যজনক ৷

লগতে পঢ়ক :বাৰিষাৰ বতৰত টাৱাঙলৈ যোৱাটো সম্ভৱনে ? যদি যায় কি কৰিব - Tourist Destination Tawang
লগতে পঢ়ক :কালে যেতিয়া মাতে...দিল্লীত বন্ধুৰ বিয়া খাই উভতি আহোতেই প্ৰাণ গ’ল অসমৰ তিনি যুৱকৰ - Accident in Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.