ETV Bharat / bharat

মাজনিশা অৰণ্যৰ পৰা ওলাই জনবহুল এলেকাৰ মাজেৰে সিংহৰ মুক্ত বিচৰণ, চাওক ভিডিঅ' - lions outside for a night walk

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:51 PM IST

গুজৰাটৰ গিৰ বনাঞ্চলৰ সমীপৱৰ্তী বহু গাঁৱত বনৰজাক মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় ৷ শেহতীয়ালৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এনে এটা ভিডিঅ’, য’ত মাজনিশা দুটা সিংহক গাঁৱৰ মাজেৰে মুক্ত বিচৰণ কৰা দেখা গৈছে ৷

A lions outside for a night walk in Amreli Babarpur village
বনৰজাৰ মুক্ত বিচৰণ
পশুৰাজৰ মুক্ত বিচৰণ

নিউজ ডেস্ক, ১৫ এপ্ৰিল: গুজৰাটৰ গিৰ বনাঞ্চলৰ সমীপৱৰ্তী বহু গাঁৱত সিংহক মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় ৷ দিন হওক অথবা ৰাতি বনৰজাই সঘনে বনাঞ্চলৰ কাষৰ অঞ্চলত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় ৷ যাৰ বাবে গাঁৱল লোকসকলে অতি সাৱধানতাৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গুজৰাটৰ আমৰেলী জিলাৰ এক বৃহৎ অংশ গিৰ বনাঞ্চলত পৰে ৷ যাৰ বাবে আমৰেলিৰ ধাৰী-ঢোকাডৱা অঞ্চলত সঘনে সিংহৰ মুক্ত বিচৰণ কৰা দেখা যায় । আমৰেলী জিলাৰ ধাৰী তহচিলৰ বীৰপুৰ গাঁৱত বিশেষ চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে, যাতে কোনোবাই নিশা গাঁৱৰ বাহিৰলৈ যাবলগীয়া হ’লে সাৱধানতাৰে বাহিৰলৈ যায় আৰু ইয়াৰ ফলত কোনো সমস্যাৰ সন্মুখীন নহয় তথা অভাৱনীয় ঘটনা সংঘটিত নহয় ।

আমৰেলী জিলাৰ ধাৰী তালুকাৰ বীৰপুৰ গাঁৱত গাঁওবাসীয়ে ইয়াৰ বাবে বিশেষভাৱে চিচি টিভি কেমেৰা স্থাপন কৰিছে য’ত প্ৰায়ে নিশা দূৰৈৰে কথা দিনটো সিংহই মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় । ই টিভি ভাৰতে এনে এটা ভিডিঅ’ লাভ কৰিছে য’ত আমৰেলী জিলাৰ বাবাপুৰ গাঁৱত নিশা দুটাকৈ সিংহই মুক্তভাৱে বিচৰণ কৰা দেখা গৈছে ৷ ভিডিঅ'টো সন্দৰ্ভত বাবাপুৰ গাঁৱৰ লোকক সোধপোছ কৰাত এই ভিডিঅ'টোত বাবাপুৰত অৱস্থিত সৰ্বোদয় শৈক্ষিক আৰু সামাজিক প্ৰতিষ্ঠানৰ আশে-পাশে অঞ্চলৰ বুলি জানিব পৰা যায় ৷

উল্লেখ্য যে, বন বিভাগে নিৰ্ধাৰণ কৰা গিৰ বনাঞ্চলৰ সীমাৰ বাহিৰত প্ৰায়ে সিংহৰ মুক্ত বিচৰণ কৰা দেখা যায় । ইয়াৰ পৰিসৰ এফালে ৰাজকোটৰ সীমান্ত নিৰ্ধাৰণ কৰাৰ বিপৰীতে আনফালে জাফৰাবাদৰ সাগৰীয় উপকূল পৰিছে ৷ ইযাৰ এটা সীমা পোৰবন্দৰ জিলাৰ ঠেক পাহাৰ পৰ্যন্ত আছে ৷ সিংহৰ এই বিচৰণ শৈলী দেখি চৰকাৰে সৌৰাষ্ট্ৰৰ ৰাজকোটলৈকে বহু অঞ্চল গিৰ অঞ্চলৰ লগত একত্ৰিত কৰাৰ প্ৰস্তুতি কৰিছে ।

লগতে পঢ়ক: হাবি এৰি ৰাজপথত সিংহৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.