ETV Bharat / bharat

ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত জামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্বন - Jamia Milia University

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 8:58 AM IST

Molestation in Jamia University : ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে অধ্যাপকগৰাকীয়ে তেওঁক চেম্বাৰলৈ মাতি নিয়ে আৰু তেওঁক আপত্তিজনকভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰে ।

Molestation in Jamia University
ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত জামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্বন (ETV Bharat)

নিউজ ডেস্ক, ৩০ আগষ্ট : দেশত বৃদ্ধি পাব লৈছে যৌন নিৰ্যাতনৰ ঘটনা । নিতৌ বিভিন্ন ঠাইৰ পৰা যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিব ধৰিছে । আনহাতে, আৰ জি কৰৰ ধৰ্ষণ-হত্যা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এক যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ।

এইবাৰ ঘটনাৰ কেন্দ্ৰবিন্দু দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় । জামিয়া মিলিয়া ইছলামিয়াৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে এই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে । বিশ্ববিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে এই অভিযোগ কৰিছে । ইফালে ছাত্ৰীগৰাকীৰ পৰা এই অভিযোগ পোৱাৰ লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত অধ্যাপকগৰাকীক তদন্ত অব্যাহত থকালৈকে নিলম্বন কৰে ।

জামিয়াৰ কাৰ্যকৰী পঞ্জীয়ক এম নাছিম হায়দৰে জাৰি কৰা নিলম্বন-পত্ৰত বৃহস্পতিবাৰে স্নাতক (সন্মান) শ্ৰেণীৰ সংস্কৃত বিভাগৰ ছাত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা ইমেইলৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰা বুলি কোৱা হৈছে ।

অভিযোগত তেওঁ উল্লেখ কৰে যে অধ্যাপকগৰাকীয়ে তেওঁক নিজৰ কাৰ্যালয়লৈ মাতি নি তেওঁক আপত্তিজনকভাৱে স্পৰ্শ কৰে আৰু তেওঁক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে । ছাত্ৰীগৰাকীৰ অভিযোগৰ প্ৰতি গুৰুত্ব দি জামিয়াৰ উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয় আইনৰ ধাৰা ৩৭(১) অনুসৰি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ তদন্ত চলি থকালৈকে সংস্কৃত বিভাগৰ অধ্যাপকগৰাক তাৎক্ষণিকভাৱে নিলম্বন কৰে ।

ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, অধ্যাপকগৰাকীয়ে কৰা এই কাৰ্য প্ৰাথমিকভাৱে বিশ্ববিদ্যালয়ৰ আচৰণ বিধি আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ এক গুৰুতৰ উলংঘন আৰু লগতে ই এক অনুচিত কাৰ্য যেন লাগিছে । সেয়ে নিলম্বনৰ সময়ছোৱাত অধ্যাপকগৰাকী মুখ্য কাৰ্যালয় নতুন দিল্লীত থাকিব লাগিব আৰু তেওঁ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে মুখ্য কাৰ্যালয় এৰি যাব নোৱাৰিব ।

লগতে পঢ়ক :নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case
লগতে পঢ়ক :মহিলা-শিশুৰ ওপৰত নিৰ্যাতনৰ গোচৰ : সময়নিৰ্ধাৰিত ন্যায় প্ৰদানেই একমাত্ৰ চাবি-কাঠী - Crime Against Women Children

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.