ETV Bharat / bharat

78% ভাৰতীয়ৰ মতে গোলকীয় উষ্ণতা এক বাস্তৱ; পৰিৱেশ সুৰক্ষাত জড়িত বহু লোক - Global Warming

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 12:04 PM IST

Indians View on Global Warming : দেশৰ কেইবা ঠাইতো বৰ্ধিত তাপমাত্ৰা আৰু অভিলেখ ভংগকাৰী গ্ৰীষ্মপ্ৰৱাহ দেখা গৈছে । তাপমাত্ৰাই ৪৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে । তেনে পৰিপ্ৰেক্ষিতত এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে ৭৮% ভাৰতীয়ই বিশ্বাস কৰে যে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে । আনহাতে, ইয়াৰ সমান্তৰালভাৱে বেছিভাগ ভাৰতীয়ই ইতিমধ্যে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে । ইটিভি ভাৰতৰ সৌৰভ শৰ্মাৰ এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন ।

Indians View on Global Warming
গোলকীয় উষ্ণতা আৰু বায়ু প্ৰদূষণৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী হিচাপে গছপুলি ৰোপণ (ANI Photo)

বিশেষ প্ৰতিবেদন, ১৮ মে' : 'ভাৰতীয়ৰ মনত জলবায়ু পৰিৱৰ্তন, 2023' (Climate Change in the Indian Mind, 2023) শীৰ্ষক 'ইয়েল প্ৰ'গ্ৰাম অন ক্লাইমেট চেঞ্জ কমিউনিকেশ্বন' (Yale Program on Climate Change Communication) আৰু 'চিভোটাৰ ইণ্টাৰনেচনেল'ৰ (CVoter International) শেহতীয়া প্ৰতিবেদন অনুসৰি, বৃহৎ সংখ্যক ভাৰতীয়ই তেওঁলোকৰ স্থানীয় পৰ্যায়ত ক্ষতি কৰা বিভিন্ন পাৰিপাৰ্শ্বিক বিপদৰ বিষয়ে 'মধ্যমীয়াভাৱে চিন্তিত' ।

ইয়াৰ ভিতৰত আছে কৃষিজাত কীট আৰু ৰোগ (87%), উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিলুপ্তি (86%), তীব্ৰ গ্ৰীষ্মপ্ৰৱাহ (85%), খৰাং আৰু পানীৰ অভাৱ (85%), তীব্ৰ বায়ু প্ৰদূষণ (85%), দুৰ্ভিক্ষ আৰু খাদ্যৰ অভাৱ (83%), তীব্ৰ ঘূৰ্ণীবতাহ (76%) আৰু অতিমাত্ৰা বানপানী (71%) ।

বতৰৰ লক্ষণত হোৱা পৰিৱৰ্তনৰ ফলত বৰষুণত পলম হোৱা, হিমবাহ সংকুচিত হোৱা, দীঘলীয়া গ্ৰীষ্মকাল আৰু অন্যান্য বিষয়ত বিজ্ঞানী আৰু পৰিৱেশবিদসকলে বিগত কেইবছৰমানৰ পৰা নিয়মীয়া প্ৰতিবেদন লৈ আহিছে । এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ বেছিভাগ লোকে ভাবে যে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে ।

"ভাৰতৰ এক বৃহৎ সংখ্যক লোকে (78%) কৈছে যে তেওঁলোকে ভাবে যে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে । আনহাতে, তুলনামূলকভাৱে ভাৰতৰ মাত্ৰ 9% লোকে কৈছে যে তেওঁলোকে ভাবে যে গোলকীয় উষ্ণতা বৃদ্ধি হোৱা নাই । ইয়াৰ উপৰি 13% লোকে কৈছে যে তেওঁলোকে এই বিষয়ে নাজানে ।" প্ৰতিবেদনত কোৱা হৈছে ।

"ভাৰতৰ বেছিভাগ লোকে কয় যে যদি গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে, তেন্তে ই বেছিভাগ মানৱ কাৰ্যকলাপৰ (52%) ফলত হৈছে । আনহাতে, 38% লোকে কয় যে ই বেছিভাগ পৰিৱেশৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ ফলত হৈছে ।" প্ৰতিবেদনত লগতে কোৱা হৈছে ।

জলবায়ু আৰু শক্তি নীতিৰ বাবে সমৰ্থন

প্ৰতিবেদন অনুসৰি, 86% ভাৰতীয়ই 2070 চনৰ ভিতৰত ভাৰতৰ কাৰ্বন প্ৰদূষণ প্ৰায় শূন্যলৈ হ্ৰাস কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পক্ষপাতী । আনহাতে, 85% লোকে কয় যে কয়লাৰ পৰা বায়ু আৰু সৌৰ শক্তিলৈ বিদ্যুৎ উৎপাদনৰ বাবে পৰিৱৰ্তন কৰিলে বায়ু প্ৰদূষণ হ্ৰাস হ'ব আৰু 82% লোকে কয় যে এনে কৰিলে গোলকীয় উষ্ণতা হ্ৰাস হ'ব ।

অৱশ্যে 61% লোকে কয় যে এনে কৰিলে ভাৰতত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ব । আনহাতে 58% লোকে কয় যে ইয়াৰ ফলত বিদ্যুৎ বিভ্ৰাট হ'ব । ইয়াৰ বিপৰীতে 57% লোকে কয় যে ই বিদ্যুতৰ মূল্য বৃদ্ধি কৰিব ।

কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ ডঃ জগদীশ থাকাৰে কয়, "ভাৰতীয়সকলে পৰিষ্কাৰ শক্তি পৰিৱৰ্তনক দৃঢ়ভাৱে সমৰ্থন কৰে, যাক তেওঁলোকে অৰ্থনীতি আৰু তেওঁলোকৰ স্বাস্থ্যৰ বাবে লাভজনক বুলি ভাবে ।" তেওঁ লগতে কয়, "আৰু গুৰুত্বপূৰ্ণভাৱে সংখ্যাগৰিষ্ঠ সংখ্যকে কাৰ্বন প্ৰদূষণ প্ৰায় শূন্যলৈ হ্ৰাস কৰাৰ বাবে 2070 চনৰ 'নেট জিৰো' লক্ষ্যক সমৰ্থন কৰে আৰু ব্যক্তিগতভাৱে ইয়াক লাভ কৰাৰ বাবে পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ ইচ্ছুক ।"

এই ক্ষেত্ৰত মন কৰিবলগীয়া যে চিঅ'পি26-ত (COP26) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচৰণ পৰিৱৰ্তন, 'লাইফষ্টাইল ফৰ দ্য এনভায়ৰনমেণ্টৰ (LiFE) বাবে এক বিশ্বজনীন গণ আন্দোলনৰ আহ্বান জনায় আৰু জনসাধাৰণক নিম্নলিখিত তিনিটা প্ৰতিশ্ৰুতি ল'বলৈ কয় : পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ দৈনন্দিন জীৱনত ডাঙৰ পৰিৱৰ্তন আনিবলৈ, তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গক পৰিৱেশ-অনুকূল পদক্ষেপ ল'বলৈ অনুপ্ৰেৰিত কৰিবলৈ আৰু আনক প্ৰভাৱিত কৰিবলৈ পৰিৱেশ-অনুকূল কাৰ্যবোৰ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিবলৈ ।

বতৰ সম্পৰ্কীয় দুৰ্যোগৰ বাবে ভাৰতীয়সকল ভুগিছে

সমগ্ৰ বিশ্বত বতৰ সম্পৰ্কীয় অত্যধিক দুৰ্যোগ দেখা গৈছে আৰু ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । প্ৰতিবেদনখনত দাবী কৰা হৈছে যে "ভাৰতৰ প্ৰতি তিনিজনৰ ভিতৰত প্ৰায় এজনে (34%) কয় যে বতৰ-সম্পৰ্কীয় দুৰ্যোগ যেনে অত্যধিক গৰম, খৰাং, সাগৰৰ স্তৰ বৃদ্ধি, বানপানী বা আন দুৰ্যোগৰ বাবে ইতিমধ্যে স্থানান্তৰিত হৈছে বা স্থানান্তৰিত হোৱাৰ কথা বিবেচনা কৰা হৈছে ।"

ইয়াত লগতে কোৱা হৈছে, 14% লোকে কয় যে তেওঁলোকে 'বতৰ-সম্পৰ্কীয় দুৰ্যোগৰ বাবে ইতিমধ্যে স্থানান্তৰিত হৈছে' আৰু 20% লোকে কয় যে তেওঁলোকে 'স্থানান্তৰ হোৱা নাই কিন্তু এনে কৰাৰ কথা বিবেচনা কৰিছে' । আনহাতে, ভাৰতৰ প্ৰায় দুই-তৃতীয়াংশ লোকে (64%) কয় যে তেওঁলোকে 'স্থানান্তৰ কৰা নাই বা স্থানান্তৰ কৰাৰ কথা বিবেচনা কৰা নাই' ।

সজাগতাৰ অভাৱ

প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ বেছিভাগ মানুহে গোলকীয় উষ্ণতাৰ বিষয়ে অলপ জানে বা কেতিয়াও ইয়াৰ বিষয়ে শুনা নাই ।

"ভাৰতৰ মাত্ৰ 10% লোকে কয় যে তেওঁলোকে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে 'বহুত' জানে । আনহাতে, 34% লোকে কয় যে তেওঁলোকে ইয়াৰ বিষয়ে 'কিবা অলপ' জানে । ইয়াৰ বিপৰীতে বেছিভাগ ভাৰতীয়ই (54%) কয় যে তেওঁলোকে হয় গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে 'মাত্ৰ অলপ' জানে (22%) বা তেওঁলোকে 'ইয়াৰ বিষয়ে কেতিয়াও শুনা নাই' (32%) ।" প্ৰতিবেদনত কোৱা হৈছে ।

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু জনসাধাৰণৰ পৰা সঁহাৰি

প্ৰতিবেদনত দাবী কৰা হৈছে যে বেছিভাগ ভাৰতীয়ই বিশ্বাস কৰে যে গোলকীয় উষ্ণতাৰ বিভিন্ন ধৰণৰ বিপজ্জনক প্ৰভাৱ পৰিব ।

"আধা বা ততোধিক লোকে ভাবে যে গোলকীয় উষ্ণতাৰ ফলত 'আৰু বহুতো' তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ (60%), উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিলুপ্তি (57%), খৰাং আৰু পানীৰ অভাৱ (56%), তীব্ৰ ঘূৰ্ণীবতাহ (54%) আৰু দুৰ্ভিক্ষ আৰু খাদ্যৰ অভাৱ (50%) হ'ব । আনহাতে, 46% লোকে ভাবে যে গোলকীয় উষ্ণতাৰ ফলত 'বহুত অধিক' পৰিমাণত বানপানী হ'ব ।" প্ৰতিবেদনত কোৱা হৈছে ।

সেউজ পৰিৱেশৰ দিশত অৱদান আগবঢ়োৱাৰ বাবে পদক্ষেপ ল'বলৈ ইচ্ছুক

প্ৰতিবেদনখনত দাবী কৰা হৈছে যে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে ভাৰতীয়সকলৰ এক বৃহৎ অংশই ইতিমধ্যে পৰিৱৰ্তনমূলক কাম কৰি আছে আৰু দৈনন্দিন জীৱনত কাম কৰি আছে । ভাৰতৰ এক বৃহৎসংখ্যক লোকে (93%) কয় যে তেওঁলোকে হয় 'ইতিমধ্যে এইটো কৰি আছে' (25%) বা 'নিশ্চিতভাৱে; (54%) বা 'সম্ভৱতঃ' (13%) এইটো কৰিবলৈ ইচ্ছুক ।

ইয়াৰ বিপৰীতে কম সংখ্যক লোকে (7%) কয় যে তেওঁলোকে হয় 'সম্ভৱতঃ' (3%) বা 'নিশ্চিতভাৱে' (4%) এইটো নকৰে ।

"তেওঁলোকে তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গক পৰিৱেশ-অনুকূল পদক্ষেপ ল'বলৈ অনুপ্ৰেৰিত কৰিবলৈ কিমান ইচ্ছুক বা অনিচ্ছুক বুলি সোধাত ভাৰতৰ এক বৃহৎসংখ্যক লোকে (92%) কয় যে তেওঁলোকে হয় 'ইতিমধ্যে এনে কৰি আছে' (26%) বা 'নিশ্চিতভাৱে' (52%) বা 'সম্ভৱতঃ' (14%) এইটো কৰিবলৈ ইচ্ছুক । ইয়াৰ বিপৰীতে ভাৰতৰ খুব কমংখ্যক লোকেহে (7%) কয় যে তেওঁলোকে হয় 'সম্ভৱতঃ' (4%) বা 'নিশ্চিতভাৱে' (3%) এইটো নকৰে ।" প্ৰতিবেদনত কোৱা হৈছে ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস- গ্ৰহ বনাম প্লাষ্টিক - Earth Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.