নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল : শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ খবৰ ৷ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট) আৰু পি এইচ ডি সন্দৰ্ভত দেওবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে উল্লেখ কৰিছে কেতবোৰ মন্তব্য ৷
চাৰি বছৰীয়া স্নাতক ডিগ্ৰী (এফ ৱাই ইউ পি) লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া পোনপটীয়াকৈ UGC নেট দিব পাৰিব আৰু পি এইচ ডি-ও কৰিব পাৰিব । এই সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGC- এ ।
UGC -এ কয় যে জে আৰ এফ(JRF)ৰ লগতে বা ইয়াৰ অবিহনেও পি এইচ ডি কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচীত কমেও ৭৫ শতাংশ নম্বৰ বা সমতুল্য গ্ৰেড লাভ কৰিব লাগিব ।
বৰ্তমানৰ ব্যৱস্থাত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (NET)ৰ বাবে ছাত্ৰ-ছাত্ৰীক ৫৫ শতাংশ নম্বৰৰ স্নাতকোত্তৰ (PG) ডিগ্ৰীৰহে প্ৰয়োজন । নতুন নিয়মৰ অধীনত এতিয়া চাৰি বছৰীয়া স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।
UGC ৰ অধ্যক্ষ অধ্যাপক এম জগদীশ কুমাৰৰ মতে, চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফ ৱাই ইউ পি) সম্পূৰ্ণ কৰি ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে পি এইচ ডি কৰাৰ যোগ্য বুলি গণ্য কৰা হ’ব । এনে ছাত্ৰ-ছাত্ৰীয়ে NET পৰীক্ষাও দিব পাৰে ।
এফ ৱাই ইউ পি সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীক যিকোনো বিষয়ত পি এইচ ডি কৰিব বিচৰা বিষয়ত উপস্থিত থাকিব পাৰিব । মন কৰিবলগীয়া যে এই বিষয়সমূহ এফ ৱাই ইউ পিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিষয়সমূহৰ পৰা পৃথক হ’ব পাৰে ।
৭৫% নম্বৰ বা গ্ৰেডৰ প্ৰয়োজন :
অৱশ্যে ইয়াৰ বাবে কিছুমান চৰ্তও নিৰ্ধাৰণ কৰিছে UGC- এ । যিসকল ছাত্ৰ-ছাত্ৰীয়ে এফ ৱাই ইউ পি সম্পূৰ্ণ কৰিছে বা আঠটা ছেমিষ্টাৰ সম্পূৰ্ণ কৰাৰ পাচত স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকে এই নতুন ব্যৱস্থাত যোগ্য হ’ব । কিন্তু চাৰি বছৰীয়া ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাচত এই ছাত্ৰ-ছাত্ৰীসকলৰ নূন্যতম ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক।
আনকি য’ত নম্বৰৰ সলনি গ্ৰেডৰ ব্যৱস্থা আছে তাতো গ্ৰেড ৭৫ শতাংশ নম্বৰৰ সমান হ’ব লাগে । কিন্তু অনুসূচিত জাতি, অনুসূচিত জাতি, অবিচি, শাৰীৰিকভাৱে অক্ষম আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ ক্ষেত্ৰত কিছু শিথিলতা হ’ব পাৰে ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস- গ্ৰহ বনাম প্লাষ্টিক - Earth Day 2024