ETV Bharat / bharat

বিয়া খোৱা নহ'ল : চিতাহে জ্বলিল তিনি যুৱকৰ - Road accident

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:18 AM IST

Road Accident: উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ সদৰকোতৱালী অঞ্চলৰ চুৰক অঞ্চলৰ মুছাহী চাৰ্কা টোলাত শনিবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা তিনি যুৱকক । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ ।

উত্তৰ প্ৰদেশত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে তিনি যুৱকক

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল: শনিবাৰে উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ সদৰকোটৱালী অঞ্চলৰ চুৰক অঞ্চলৰ মুছাহী চাৰ্কা টোলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এখন নিয়ন্ত্ৰণহীন ট্ৰাকে মহতিয়াই নিলে বিবাহ অনুষ্ঠানলৈ অহা ৩ জন যুৱকক । থিতাতে নিহত তিনিও যুৱক । বিবাহ অনুষ্ঠানত উপস্থিত হোৱাৰ উদ্দশ্যৰে আহিছিল তিনিও যুৱক । দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজন । ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে বুলি জানিব পৰা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, ৰবাৰ্টচগঞ্জ কোটৱালী অঞ্চলৰ মুছাহী চৰ্কা টোলাৰ বাসিন্দা বুলু দেৱীৰ জীয়ৰী উৰ্মিলাৰ বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল মৈনপুৰীত । আনহাতে সোনভদ্ৰাৰ ঘোৰাৱালত উৰ্মিলাৰ ভাতৃ দিলীপৰো বিয়া ঠিক কৰা হৈছিল । যিখন বিয়া ২১ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল । উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ শনিবাৰে উৰ্মিলাৰ শহুৰেকৰ আত্মীয়সকল উপস্থিত হৈছিল ।

শনিবাৰে নিশা মৈনপুৰী জিলাৰ ইটাহৰ বাসিন্দা ৰাজেশ, জীতেন্দ্ৰ, চাহাব সিং, সুনীল পাল খোজ কাঢ়িবলৈ ওলাই যায় । নিশা প্ৰায় ৮ বজাত, পুলিচ লাইনৰ পৰা চুৰ্ক পথৰ চাৰ্কা টোলাৰ ওচৰ পাওতেই সন্মুখৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে তিনিওজনক মহতিয়াই নিয়ে । দুৰ্ঘটনাটোত তিনিওজন গুৰুতৰভাৱে আহত হয় ।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকসকলে ভিৰ কৰা পৰিলক্ষিত হয় । ঘটনাৰ খবৰ পোৱা মাত্ৰকে, আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত । সংকটজনক অৱস্থাত তিনিওজনকে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে । খবৰ পোৱাৰ পাচতে আন আন আত্মীয়সকলো জিলা চিকিৎসালয়ত উপস্থিত হয় ।

লগতে পঢ়ক: তীব্ৰবেগী অনিয়ন্ত্ৰিত ট্ৰলীৰ খুন্দাত মৃত্যু 9 জনৰ - Rajasthan Jhalawar Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.