ETV Bharat / bharat

চিঙৰা খাই অসুস্থ অনাথ আশ্ৰমৰ ২৭ শিক্ষাৰ্থী : চাৰিগৰাকীৰ মৃত্যু - Food poisoning

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 4:44 PM IST

Updated : Aug 19, 2024, 5:01 PM IST

Fell ill after eating Samosas : চিঙৰা খাই গুৰুতৰভাৱে অসুস্থ ২৭ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে চাৰিগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ৷

Fell ill after eating Samosas
অনাথ আশ্ৰমত চিঙৰা খাই ২৭ গৰাকী শিক্ষাৰ্থী অসুস্থ, ৩ গৰাকীৰ মৃত্যু (ETV Bharat)

নিউজ ডেস্ক, ১৯ আগষ্ট : অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লী জিলাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ এখন অনাথ আশ্ৰমত চিঙৰা খাই মুঠ ২৭ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰে ৷ অসুস্থ শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত চাৰিগৰাকীৰ মৃত্যু হয় ৷

অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লী জিলাৰ কোটাভুৰাটলা মণ্ডলৰ কৈলাচাপট্টনমৰ এখন অনাথ আশ্ৰমৰ খাদ্যত এই বিষক্ৰিয়া ঘটে ৷ চিঙৰা খাই ২৭গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰে ৷ এই ঘটনাত তিনিটা শিশুৰ মৃত্যু হয় ৷ কোটাভুৰাটলা মণ্ডলৰ কৈলাসপট্টনমৰ এটা খ্ৰীষ্টান সংগঠনে চিন্তাপল্লী, কয়ৰু, গুদেম কোঠা বীধি, পাদেৰু, আৰাকু, আল্লুৰি সীতাৰামা ৰাজু জিলাৰ জনজাতীয় শিক্ষাৰ্থীসকলক বাসস্থান আৰু শিক্ষা প্ৰদান কৰি আহিছে ৷

উক্ত আশ্ৰমখনত ৮০ জনৰো অধিক শিক্ষাৰ্থী আছে ৷ তেওঁলোকক শনিবাৰে সন্ধিয়াৰ আহাৰত চিঙৰা দিয়া হৈছিল ৷ চিঙৰাবোৰ খোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ বমি হ’বলৈ আৰম্ভ কৰে৷ এই কথা আশ্ৰমখনৰ কৰ্তৃপক্ষই জানিব পৰাৰ পিছতে গুৰুতৰভাৱে অসুস্থ তিনিগৰাকী শিক্ষাৰ্থীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

কিন্তু চিকিৎসাধীন অৱস্থাত থকা চিন্তাপল্লী মণ্ডলৰ নিম্মালাপালেমৰ যিহোচুৱা, কয়ুৰ মণ্ডলৰ ভৱানী আৰু চিন্তাপল্লীৰ শ্ৰদ্ধাৰ আজি মৃত্যু হয় ৷ আনহাতে আন ২৩ গৰাকী অসুস্থ শিক্ষাৰ্থী নৰচিপট্টনম, অনকপল্লী আৰু বিশাখাপট্টনমৰ কে জি এইচ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ নৰচিপট্টনম আঞ্চলিক চিকিৎসালয়ত সাতটি শিশুৰ চিকিৎসা চলি আছে ৷ চাৰিটা শিশুক কে জি এইচলৈ স্থানান্তৰ কৰা হৈছিল ৷

আনহাতে অনকপল্লী জিলা উপায়ুক্ত, নৰচিপট্টনমৰ ৰাজহ চক্ৰ বিষয়াই সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি আছে ৷ জিলা উপায়ুক্তই চিকিৎসকসকলক পৰামৰ্শ প্ৰদান কৰিছে অসুস্থ শিক্ষাৰ্থীসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে । ইফালে গৃহমন্ত্ৰী অনিতায়ো বিষয়টোত হস্তক্ষেপ কৰি শিক্ষাৰ্থীকেইগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে । গৃহমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত আৰু আৰু চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে ফোনযোগে কথা পতাৰ লগতে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ৷ অসুস্থ শিক্ষাৰ্থীসকলক উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়াৰ লগতে অনাথ আশ্ৰমখনৰ কৰ্তৃপক্ষকো সতৰ্ক কৰি দিয়ে ৷

লগতে পঢ়ক : ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু

পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন

জিভাৰ জুতি নে জীৱন ? সাৱধানেৰে বাচনি কৰক

Last Updated : Aug 19, 2024, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.