ETV Bharat / bharat

ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ মাজতে স্থানান্তৰিত ১,৬০০ গৰাকী গৰ্ভৱতীয়ে জন্ম দিলে সন্তান

Cyclone Dana: ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্ভাব্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়লৈ স্থানান্তৰ কৰা ১৬০০ গৰাকীয়ে গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে ।

Cyclone Dana
ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ মাজতে স্থানান্তৰিত ১,৬০০ গৰাকী গৰ্ভৱতীয়ে জন্ম দিলে সন্তান (PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 9:36 AM IST

ভুৱনেশ্বৰ : ঘূৰ্ণীবতাহ 'ডানা'ক লৈ ওড়িশাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ইতিমধ্যে ৰাজ্যখনৰ উপকূলত খুন্দা মাৰিছে তীব্ৰবেগী ঘূৰ্ণীবতাহে । ফলস্বৰূপে উপকূলীয় জিলাসমূহ নিশাৰে পৰা বৰষুণ আৰু ধুমুহাৰ কৱলত পৰিছে । এনে পৰিস্থিতিৰ মাজতে আকৌ এক আনন্দৰ খবৰ ।

ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্ভাব্য প্ৰভাৱৰ কথা বিবেচনা কৰি প্ৰশাসনে স্থানান্তৰ কৰা ১৬০০ গৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে । ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই কথা প্ৰকাশ কৰিছে ।

স্থানান্তৰিত গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্ভাব্য প্ৰভাৱৰ কথা বিবেচনা কৰি সুৰক্ষিত আশ্ৰয় শিবিৰ আৰু চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল ৪,৪৩১ গৰাকী গৰ্ভৱতী মহিলাক । তাৰ ভিতৰত ১,৬০০ গৰাকীয়ে গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰিছে ।

৮,৩২২ ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰ স্থাপন

জানিব পৰা মতে, ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ পৰা ৫,৮৪,৮৮৮ গৰাকী লোকক ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে । অৱশ্যে শুকুৰবাৰে পুৱালৈ এই সংখ্যা ৬,০০,০০০ অতিক্ৰম কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে আশংকা কৰিছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্থানান্তৰিত লোকসকলক আশ্ৰয় দিবলৈ প্ৰায় ৮,৩২২ টা ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে লোকসকল সম্প্ৰতি ৬,০০৮ টা ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰত আছে । য'ত তেওঁলোকক খাদ্য, ঔষধ, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে বালাচোৰ জিলাত সৰ্বাধিক লোকক স্থানান্তৰ কৰা হৈছে । বালাচোৰৰ পৰা ১,৭২,৯১৬ গৰাকী লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে । একেদৰে ময়ূৰভঞ্জৰ পৰা ১,০০,০০০, ভদ্ৰকৰ পৰা ৭৫,০০০, জাজপুৰৰ পৰা ৫৮,০০০ আৰু কেন্দ্ৰপাৰাৰ পৰা ৪৬,০০০ লোকক স্থানান্তৰ কৰা হৈছে ।

তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰে প্ৰথমতে ১০ লাখ লোকক স্থানান্তৰ কৰাৰ লক্ষ্য আগত ৰাখিছিল । কিন্তু ঘূৰ্ণীবতাহ 'ডানা'ৰ পৰিৱৰ্তনশীল গতিপথৰ ওপৰত ভিত্তি কৰি এই লক্ষ্য সলনি কৰা হয় । মুখ্যমন্ত্ৰীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ আছে ।

লগতে পঢ়ক : ডানাৰ প্ৰভাৱ; দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো

লগতে পঢ়ক : ওড়িশাত ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ; ঠায়ে ঠায়ে ধুমুহা, বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.