অসম

assam

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন

By

Published : Nov 7, 2019, 9:35 AM IST

শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউন্টৰ পৰা ৬০,০০০ হাজাৰ টকা অন্তৰ্ধান হয় ৷

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন

আমগুৰি ৭ নৱেম্বৰ: ৰাজ্যত গৃহ বিভাগে চাইবাৰ চেল স্থাপন কৰিছে যদিও ৰোধ কৰিব পৰা নাই চাইবাৰ অপৰাধ ৷ দিনে দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা ৷ শেহতীয়াকৈ যোৰহাটত সংঘটিত হৈছিল বেংকৰ পৰা সৰ্বাধিক ধন হৰলুকিৰ ঘটনা ৷ এইবাৰ শিৱসাগৰত সংঘটিত হ'ল চাইবাৰ অপৰাধৰ ঘটনা ৷ শিৱসাগৰ নামতিত বেংক একাউন্ট হেকাৰৰ কৱলত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী অধ্যাপিকা ৷ বেংক একাউন্ট হেক কৰি হেকাৰে লুটিলে ৬০,০০০হাজাৰ টকা ৷

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন
ঘটনা অনুসৰি নামতি চাৰি আলিৰ চেপাংগনি এচ বি আই শাখাৰ পৰা সংঘটিত হয় এই ঘটনা ৷ বিশিষ্ট কবি-সাহিত্যিক,শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউন্টৰ পৰা ৬০,০০০ হাজাৰ টকা অন্তৰ্ধান হয় ৷ এই ঘটনাৰ লগে লগে টোল ফ্রি নাম্বাৰত ফোন কৰি অধ্যাপিকা গৰাকীয়ে এটিম ব্লক কৰে আৰু লগে লগে শাখা প্ৰৱন্ধকক অভিযোগ দিয়ে । ২০ হাজাৰকৈ দুবাৰ একাউন্ট ট্ৰেন্সফাৰ আৰু১০,০০০ হাজাৰকৈ দুবাৰ এটিএমৰ পৰা মুঠ ষাঠি হাজাৰ টকা দুবৃত্তই উলিয়াই নিয়ে।

ABOUT THE AUTHOR

...view details