অসম

assam

নলবাৰীত লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

By

Published : Nov 25, 2019, 10:04 AM IST

বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা অঞ্জন বৰ্মনৰ CAB ক সমৰ্থন ৷ ‘লাচিত বৰফুকনৰ বিষয়ে ভাৰতবৰ্ষত চৰ্চা নহয় এইয়া দুৰ্ভাগ্যৰ বিষয়’- শিলাদিত্য দেৱ ৷

নলবাৰীৰ লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

নলবাৰী, 25 নৱেম্বৰঃ ‘মোগলক পৰাস্ত কৰা বীৰ সেনাপতি লাচিত বৰফুকনৰ বিষয়ে ভাৰতবৰ্ষত চৰ্চা নহয়, এইয়া দুৰ্ভাগ্যৰ বিষয়’ এই মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ ৷ লগতে তেওঁ লাচিত দিৱস গোটেই ভাৰতবৰ্ষতে উদযাপন কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷ এন আৰ চি সন্দৰ্ভতো শিলাদিত্য দেৱে মন্তব্য আগবঢ়াই কয় যে, 1951 চন ভিত্তিবৰ্ষ হ’লে আশী লাখ বাংলাদেশী মুছলমান বাহিৰ হ’ব ৷ নলবাৰীত হিন্দু ক্ৰান্তি দল অসমে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা লাচিত দিৱসত এই মন্তব্য কৰে বিধায়কজনে ৷

নলবাৰীৰ লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

এই সভাত হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা অঞ্জন বৰ্মনে এই সভাত CAB ক সমৰ্থন জনাই হিন্দু বাংলাদেশী অসমলৈ আনিলে কোনো আপত্তি নাই বুলি উল্লেখ কৰে ৷ আনহাতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাস এই সভাত উপস্থিত থাকে ৷

লগতে চাওকঃজুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

TAGGED:

ABOUT THE AUTHOR

...view details