অসম

assam

উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিলিং

By

Published : May 29, 2022, 1:10 PM IST

লখিমপুৰ মেডিকেল কলেজৰ দেৱাল ফাঁট মেলা ঘটনা (Lakhimpur Medical College in controversy)মাৰ নৌ যাওঁতেই এই লখিমপুৰ কেন্সাৰ হাস্পতালত অঘটন(Accident in Lakhimpur Cancer Hospital) ৷ উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতাল ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল নিৰাপত্তাৰক্ষী ৷ পঢ়ক সবিশেষ...

ceiling-of-lakhimpur-cancer-hospital-collapsed-in-a-month
উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিলিং

লখিমপুৰ, ২৯ মে' : মাথো কেইদিনমানৰ পূৰ্বে প্ৰায় পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা লখিমপুৰ মেডিকেল কলেজৰ দেৱাল ফাঁট মেলা ঘটনাই সৰ্বত্ৰে এক জোকাৰণিৰ সৃষ্টি কৰিছিল(Lakhimpur Medical College in controversy) । পিছে সেই ঘটনাৰ প্ৰতিক্ৰিয়াসমূহ মাৰ নৌ যাওঁতেই পুনৰ অঘটন ঘটিল মেডিকেল কলেজখনৰ গাতে লাগি থকা নৱ ৰ্নিৰ্মিত লখিমপুৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰত (Accident in Lakhimpur Cancer Hospital)৷ এইবাৰ এজাক বৰষুণতেই ভাগি পৰিল লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিলিং ৷

উল্লেখ্য যে, উদ্বোধনৰ এমাহতেই এনেদৰে কেন্সাৰ হাস্পতালখনৰ চিলিং ভাগি পৰাত সৰ্বত্ৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ৷ ইফালে, এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এজন নিৰাপত্তাৰক্ষীৰ ৷ মাথো এমাহ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী উদ্ধোধন কৰিছিল হস্পিতালখন (Modi virtually inaugurated Lakhimpur cancer hospital)। বিগত ২৮ এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ এমাহ পূৰ হোৱা দিনটোতে এনেদৰে ভাগি পৰিল কেন্সাৰ হাস্পতালখনৰ চিলিং ৷

উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিলিং

টাটা ট্ৰাষ্টৰ আৰ্থিক সহযোগিতা আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত তথা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ(Cancer Care Foundation) অধীনত এশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই চিকিৎসা কেন্দ্ৰটো ৷ ইফালে, নিম্নমানৰ আন্তঃগাঁথনিৰ বাবেই নৱ নিৰ্মিত হাস্পতালখনত এই অঘটন ঘটাৰ অভিযোগ সচেতন মহলৰ ।

উল্লেখ্য যে, পাঁচশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ মেডিকেল কলেজখনৰো দেৱাল ফটা, ভিতৰত পানী পৰা আদি ঘটনাই সৃষ্টি কৰা চাঞ্চল্য নৌ মাৰ যাওঁতেই (Lakhimpur Medical College in controversy)পুনৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ চিলিং খহি পৰা ঘটনাই সৰ্বত্ৰে জোকাৰণিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি

ABOUT THE AUTHOR

...view details