ETV Bharat / state

বছৰৰ দ্বিতীয়তো বানত কাজিৰঙাত ১১৪ টা জন্তুৰ মৃত্যু - ASSAM FLOOD 2024

Flood in Kaziranga : ৰাজ্যত বানৰ বিভীষিকা । চৌদিশে কেৱল পানী আৰু পানী । বানৰ কৱলত উৱাদিহ পোৱা নাই বন্যপ্ৰাণীয়ে । এই বানপানীৰ মাজতে আৱদ্ধ হৈছে জীৱ-জন্তু ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:23 PM IST

Flood in Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV BHARAT ASSAM)

তেজপুৰ, ৬ জুলাই: ৰাজ্য়ৰ কেইবাখনো জিলাত বানৰ তাণ্ডৱ অব্য়াহত । বছৰৰ দ্বিতীয়তো বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংলগ্ন এলেকা । প্ৰলয়ংকৰী বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংলগ্ন এলেকা এই পৰ্যন্ত মুঠ ৯৫ টা জীৱ-জন্তুৰ উদ্ধাৰ কৰে বন বিভাগে । ইয়াৰ বিপৰীতে ১১৪ টা জীৱ-জন্তুৰ মৃত্যু হৈছে । শনিবাৰে এই তথ্য সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । ইয়াৰ ভিতৰত ৫০ টা জীৱ-জন্তুক চিকিৎসা প্ৰদান কৰি পুনৰ এৰি দিয়া বুলি উল্লেখ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । ৩৪ টা জীৱ-জন্তু চিকিৎসাধীন অৱস্থাত আছে আৰু ১১ টা জন্তুৰ চিকিৎসাৰ সময়তে মৃত্যু হোৱা বুলি একেটা তথ্য়তেই প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

আনহাতে, এই বানৰ সময়ত নিৰাপদ ঠাইৰ সন্ধানৰ লগতে প্ৰাণৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা জীৱ-জন্তুৰ মৃত্য়ু হোৱাৰ লগতে আহতও হৈছে । ইয়াৰ মাজতেই শোণিতপুৰ জিলাত এতিয়া জীৱ-জন্তুৰ আক্ৰমণৰ বাবে ৰাইজ আতংকিত হৈ পৰিছে । তেজপুৰ চহৰৰ মাজমজিয়া বন্য জীৱ- জন্তুৰ আশ্ৰয়স্থল হৈছে । বনৰীয়া হাতীয়ে এগৰাকী কিশোৰীক আক্ৰমণ কৰি আহত কৰাৰ পাচতেই পাঁচটাকৈ হাতীয়ে অৱস্থান কৰিছে তেজপুৰৰ বেচেৰীয়া অঞ্চলত । মুকলি পথাৰত পাঁচটাকৈ বনৰীয়া হাতীৰ অৱস্থানৰ ফলত ভীতিগ্ৰস্ত হৈ পৰিছে গাঁওবাসী । বেচেৰীয়া গাঁও ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আছে বনৰীয়া হাতীকেইটা ।

ইপিনে,যোৱা নিশা তেজপুৰ বৰঝাৰ গাঁৱত এগৰাকী ১৩ বছৰীয়া কিশোৰীক হাতীয়ে শুৰেৰে আচাৰি গচকী আছিল যদিও কিশোৰীগৰাকী দৈৱক্ৰমে ৰাইজৰ সহায়ত ৰক্ষা পৰে । উক্ত স্থানত এজন সেনা বাহিনীৰ লোকে ৰাইজৰ লগত প্ৰথমে কিশোৰী গৰাকীক বনৰীয়া হাতীৰ কাষৰ পৰা উদ্ধাৰ কৰে । এই ঘটনাৰ পাছত তেজপুৰ চহৰৰ মাজ মজিয়াত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নেহৰু মৈদান ,জাহাজঘাট অঞ্চলত দুটাকৈ বনৰীয়া হাতীয়ে বিচৰণ কৰে ।

লগতে পঢ়ক:কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

হাতীৰ সমান্তৰালভাৱে এদিন পূৰ্বে তেজপুৰত বনৰীয়া মহৰ আক্ৰমণত মহিলাসহ আহত তিনি গৰাকী লোক আজিও চিকিৎসাধীন হৈ আছে ৷ আহত কেইগৰাকী হৈছে-কুমাৰগাঁৱৰ বিমল দাস(৬০), কটন ৰোডৰ নিভা সৰকাৰ (৫১) আৰু জাহাজঘাঁটৰ দুখী মাঝি (৫৬ )৷ আটাইকেইগৰাকীকে তেজপুৰৰ কনকলতা অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ইপিনে,আজি পুৱা তেজপুৰত এটা বনৰীয়া মহে মন্ত্ৰাস চলায় ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা মহটোক লৈ শংকিত হৈছে স্থানীয় লোক ৷ বৰ্তমান মহটোৱে কুমাৰগাঁৱৰ এটা হোলাত অৱস্থান কৰি আছে ৷ শোণিতপুৰ জিলাৰ মুঠ ২৬খন গাঁও বানৰ কৱলত পৰিছে যদিও আজি যথেষ্ট পৰিমাণে পানী কমিছে । জৰাসৰ নৈৰ পানী কিছু কমিছে যদিও ব্ৰহ্মপুত্ৰৰ লগতে জীয়াভৰলী নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । ব্ৰহ্মপুত্ৰ,জীয়াভৰলী,জৰাসৰ,বেলশিৰি,ডিপোটা,পাঁচনৈ আৰু ঘগৰা নৈৰ বানত জিলাখনৰ ২৬ খন গাঁও প্লাৱিত হৈছে । উল্লেখযোগ্য যে এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ সামান্য ওপৰত বৈ আছে যদিও পূৰ্বতকৈ পানী কিছু পৰিমাণে হ্ৰাস পাইছে ।

লগতে পঢ়ক:Flood In Kaziranag National Park:বছৰৰ দ্বিতীয়টো বানত জলমগ্ন হ’ল কাজিৰঙা

দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.