অসম

assam

মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

By

Published : Feb 4, 2021, 11:43 AM IST

বুধবাৰে মৰাণৰ শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰাজহ আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ প্ৰতিটো সমষ্টিৰে 1199 গৰাকী হিতাধিকাৰীৰ মাজত ভূমি পট্টা প্ৰদান কৰে।

মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে
মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

মৰাণ, 4 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া লোক সকলৰ বাবে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । চৰাইদেউ জিলাৰ প্ৰতিটো সমষ্টিতে আনুষ্ঠানিকভাৱে প্ৰশাসনে হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰিছে। বুধবাৰে মৰাণৰ শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰাজহ আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনে 1199 গৰাকী হিতাধিকাৰীৰ মাজত ভূমি পট্টা প্ৰদান কৰে ।

মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

উল্লেখ্য যে,ভূমি পট্টা প্ৰদান অনুষ্ঠানত মাহমৰা চক্ৰবিষয়া তনভি আহমেদ,সমাজকৰ্মী কুশল দত্তকে ধৰি বহু কেইজন চৰকাৰী বিষয়া,দলীয় কৰ্মী উপস্থিত থাকে । ভূমি পট্টাৰ ওপৰিও মন্ত্ৰীজনে এই সভাতে "অসম দৰ্শন" আঁচনিৰ জৰিয়তে দ্বিতীয় পৰ্যায়ত জিলাখনৰ 25 টা নামঘৰলৈ 2.50 লাখ টকাৰ অনুদান আগবঢ়াই নামঘৰ সমিতি সমূহক অনুমোদন পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details