অসম

assam

ডিব্ৰুগড়ত ১০৫ হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান

By

Published : Jan 23, 2021, 9:41 PM IST

ডিব্ৰুগড় জিলাত উপায়ুক্ত কাৰ্যালয়ৰ এন আৰ এইচ এম প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত ১০৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি আবণ্টন পত্ৰ আৰু ভূমি পট্টা প্ৰদান কৰা হয় ৷

ডিব্ৰুগড়ত ১০৫ হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান
ডিব্ৰুগড়ত ১০৫ হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান

ডিব্ৰুগড় , ২৩ জানুৱাৰী :ৰাজ্য়ৰ ৰাজহ আৰু দুৰ্যোগ ব্য়ৱস্থাপনা বিভাগ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্য়োগত এক আদৰণীয় পদক্ষেপ । জিলাখনৰ শতাধিক ভূমিহীন খিলঞ্জীয়া লোকক চৰকাৰে প্ৰদান কৰে ভূমি পট্টা আৰু ভূমি আবণ্টন পত্ৰ । ডিব্ৰুগড় জিলাত উপায়ুক্ত কাৰ্যালয়ৰ এন আৰ এইচ এম প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত ১০৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি আবণ্টন পত্ৰ আৰু ভূমি পট্টা প্ৰদানেৰে ডিব্ৰুগড় জিলাত ভূমি পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

ডিব্ৰুগড়ত ১০৫ হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান

উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰৰ কেন্দ্ৰীয় ভূমি পট্টা প্ৰদান কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । ৰাজ্য চৰকাৰে ভূমিহীন লোকৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে হাতত লোৱা পদক্ষেপৰ অধীনত বিগত ২০১৭ বৰ্ষৰ পৰা বৰ্তমানলৈকে ডিব্ৰুগড় জিলাত ১৪ হাজাৰৰো অধিক ভূমিহীন পৰিয়ালক সামৰি লোৱা হৈছে বুলি উল্লেখ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

ডিব্ৰুগড়ত ১০৫ হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান

ডিব্ৰুগড় জিলাত ভূমি পট্টা প্ৰদান কাৰ্যসূচীৰ অধীনত মুঠ ৮,২১৭ গৰাকী ভূমিহীন পৰিয়াল আৰু ক্ষুদ্ৰ চাহ খেতিয়কক সামৰি লোৱা হ’ব আৰু আগন্তুক ৩০ জানুৱাৰীৰ ভিতৰত এই সংখ্যাই ৯,০০০ অতিক্ৰম কৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :নলবাৰীত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details