অসম

assam

ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহাৰ্য

By

Published : Jul 18, 2021, 2:11 PM IST

ক'ভিডত (Covid 19) আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত অসহায় হৈ পৰা মহিলাক কিছু সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে "ক'ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি" শীৰ্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । শনিবাৰে ক'ভিডত স্বামীহাৰা হোৱা চৰাইদেউ আৰু বঙাইগাঁও জিলাৰ মহিলাই লাভ কৰিলে 2.50 লাখ টকাৰ আৰ্থিক সাহায্য ।

covid-19-widows-support-scheme-in-bangaigaon-charaideo
ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহায্য

নিউজ ডেস্ক,18 জুলাই :ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে মুখ্যমন্ত্ৰীৰ ক’ভিড-19 বিধৱা সাহাৰ্য আঁচনিৰ অধীনত মহামাৰী কৰ’ণাত স্বামীহাৰা হোৱা মহিলাসকলক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় এককালীন সাহাৰ্য ৷ ক'ভিডত (Covid 19) আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত অসহায় হৈ পৰা মহিলাক কিছু সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে "ক'ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি" শীৰ্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । শনিবাৰে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das) জিলাখনৰ ক’ভিড-১৯ ত আক্ৰান্ত হৈ স্বামী হেৰুওৱা বিধৱা মহিলা সকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ চেক বিতৰণ কৰে ।

ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহায্য

অনুষ্ঠানটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ সৈতে বিপিএফৰ সাম্ভাব্য মিত্ৰতা সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ক'ভিডত স্বামীহাৰা হোৱা প্ৰতি গৰাকীক দুৰ্ভগীয়া মহিলাক দিয়া হ'ব আৰ্থিক সাহাৰ্য । ইয়াৰ পাছতে প্ৰতিখন জিলাতে মন্ত্ৰী আৰু প্ৰশাসন তৎপৰ হৈছে দুৰ্ভগীয়া মহিলাক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে ৷ শনিবাৰে ক'ভিডত স্বামীহাৰা হোৱা চৰাইদেউ জিলাৰ 24 গৰাকী মহিলাই লাভ কৰিলে 2.50 লাখ টকাৰ আৰ্থিক সাহাৰ্য ।

ক'ভিডত স্বামীহাৰা হোৱা মহিলাই লাভ কৰিলে বিশেষ সাহায্য

চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই (Bimal Bora) আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে চেক । সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বিতৰণ কৰা হয় চেকসমূহ । চৰাইদেউ জিলা উপায়ুক্ত বিনীতা পেগুৰ আদৰণি ভাষণেৰে অনুষ্ঠিত এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে প্ৰশাসনীয় বিষয়া সকল উপস্থিত থাকে। অনুষ্ঠানৰ পৰাই চৰাইদেউৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক'ভিড নীতি নিয়ম সমূহ পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰ পৰা পলায়ন 5 কিশোৰ অপৰাধীৰ

ABOUT THE AUTHOR

...view details