জনিয়া, 3 আগষ্ট:বৰপেটা জিলাৰ কলগাছিয়াৰ খাৰবাল্লীত এটা গৰু চোৰক আটক কৰা হৈছে ৷ গৰু চুৰি কৰি ধৰা পৰিল কলগাছিয়াৰ কাৰিমুল ইছলাম নামৰ এটা প্ৰখ্যাত চোৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
কেতিয়াবা চাইকেল চুৰি কৰি, কেতিয়াবা ছাগলী চুৰি কৰি, কেতিয়াবা ড্ৰাগছ বিক্ৰী কৰি মুঠতে ইটোৰ পিচত সিটো চুৰিকাণ্ডৰ লগতে অপৰাধজনিত কাৰ্যত জড়িত ধৃত কাৰিমুল ইছলাম ৷
বৃহস্পতিবাৰে গৰু চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰিল প্ৰখ্যাত চোৰ কাৰিমুল ৷ অসমীয়াত এষাৰ কথা আছে, চোৰৰ দহ দিন গৃহস্থৰ এদিন ৷ জানিব পৰামতে, মঙলবাৰে নিশা পূব কলগাছিয়া গাঁৱৰ হাফিজুৰ ইছলামৰ ঘৰৰ পৰা কলগাছিয়াৰ কাৰিমুল ইছলাম আৰু দুল্লু নামৰ দুই চোৰে এটা ৰঙা বৰণৰ গৰু চুৰি কৰি 7 হাজাৰ টকাত বিক্ৰী কৰে খাৰবাল্লী গাঁৱৰ মহুৰ উদ্দিন নামৰ এজন লোকৰ ওচৰত ৷ পিচমুহুৰ্তত মহুৰ উদ্দিনে জ্যেষ্ঠ ভাতৃ বাবুল হুছেইনৰ ওচৰত গৰুটো 15 হাজাৰ টকাত বিক্ৰী কৰি দিয়ে ৷ ইফালে কাৰিমুল ইছলাম আৰু দুল্লু নামৰ দুই চোৰে গৰু বিক্ৰী কৰি পোৱা ধন ভগোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল ৷