অসম

assam

ৰহিংগীয়া সম্পৰ্কত ইউৰোপিয়ান সংঘৰ সমৰ্থন বিচাৰিলে শ্বেইখ হাছিনাই

By

Published : Feb 7, 2020, 4:51 PM IST

ৰোহিংগীয়া বিষয় সম্পৰ্কত ইউৰোপিয়ান সংঘৰ পৰা সমৰ্থন বিচাৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ৷ ৰোমত হাছিনা আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জোছেপি কন্টেৰ মাজত এই সম্পৰ্কত এক আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল ৷

বাংলাদেশৰ প্ৰধানমন্ত্ৰী
শ্বেইখ হাছিনা

ইন্টাৰনেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : শুকুৰবাৰে প্ৰকাশ পোৱা এক বিবৃতি অনুসৰি, ম্যানমাৰত ৰোহিংগীয়া শৰণাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ইউৰোপিয়ান সংঘৰ (EU) সমৰ্থন বিচাৰে ৷

ৰোমত হাছিনা আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জোছেপি কন্টেৰ মাজত অনুষ্ঠিত এক আলোচনাচক্ৰৰ পাচতে বৃহস্পতিবাৰে ডেইলী ষ্টাৰ নামৰ এখন বাতৰিকাকতত যুটীয়া প্ৰতিবেদন প্ৰকাশ পাইছিল ৷ এই প্ৰতিবেদন অনুসৰি, "ৰহিংগীয়া বিষয় সন্দৰ্ভত ইটালীয়ে সমৰ্থন জনোৱা বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইউৰোপিয়ান সংঘৰ লগতে ইটালীক ধন্যবাদ জ্ঞাপন কৰে ৷"

হাছিনাৰ প্ৰেছ সচিব ইহছানুল কৰিমে জানিবলৈ দিয়া অনুসৰি, ৰহিংগীয়া বিষয়ত 23 জানুৱাৰীত আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতে (ICJ) গ্ৰহণ কৰা সিদ্ধান্তক দুয়ো পক্ষই সমৰ্থন জনাইছে ৷

কৰিমে জানিবলৈ দিয়ে যে, ৰহিংগীয়া বিষয় সম্পৰ্কত বাংলাদেশে সকলো বিষয় পৰিচালনা কৰা বাবে কন্টেই প্ৰশংসা আগবঢ়াইছে ৷ ইয়াৰোপৰি, হাছিনাৰ অতিথি পৰায়ন নীতিক আগবঢ়াই নিবলৈ উৎসাহিত কৰে কন্টেই ৷

উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতে মুছলমান সংখ্যালঘু লোকৰ নৰহত্যা বন্ধ কৰিবলৈ ম্যানমাৰক নিৰ্দেশ প্ৰদান কৰিছিল ৷ এনে কাণ্ড ৰোধ কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ন্যায়ালয়ে ম্যানমাৰক নিৰ্দেশ প্ৰদান কৰিছিল ৷

2017 চনৰ 25 আগষ্টৰ পৰা প্ৰায় 7,38,000 ৰহিংগীয়া বাংলাদেশৰ আশ্ৰয় শিৱিৰত বাস কৰি আহিছে ৷ উল্লেখ্য যে, ম্যানমাৰে ৰহিংগীয়া শব্দটো ব্যৱহাৰ নকৰে আৰু মুছলমান সংখ্যালঘু লোকসকলক ম্যানমাৰৰ নাগৰিক হিচাপে গণ্য নকৰে ৷ ম্যানমাৰৰ মতে, এই লোকসকল বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰী ৷

আৰু পঢ়ক : হাড়গিলা সংৰক্ষণৰে বিশ্বত জিলিকি উঠা অসমীয়া মহিলাগৰাকী

ABOUT THE AUTHOR

...view details