ETV Bharat / international

কেইৰ ষ্টাৰমাৰ কোন ? তেওঁৰ বিজয়ে ব্ৰিটেইন-ভাৰত সম্পৰ্কত প্ৰভাৱ পেলাবনে ? - Labour Party leader Keir Starmer

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 4:31 PM IST

Labour Party leader Keir Starmer: কেইৰ ষ্টাৰমাৰে ইস্তাহাৰত প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ কথা কৈছে । তেওঁ প্ৰচাৰৰ সময়ত 'হিন্দুফোবিয়া'ক গৰিহণা দিয়াৰ লগতে হোলী আৰু দীপাৱালীৰ দৰে ভাৰতীয় উৎসৱবোৰক আঁকোৱালি লোৱাৰ তাৎপৰ্য প্ৰকাশ কৰিছে ।

Labour Party leader Keir Starmer
কেইৰ ষ্টাৰমাৰ কোন, তেওঁৰ বিজয়ে ব্ৰিটেইন-ভাৰত সম্পৰ্কত প্ৰভাৱ পেলাব নে (AP)

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ জুলাই : ব্ৰিটেইনৰ মুখ্য বিৰোধী দল লেবাৰ পাৰ্টীয়ে সংসদীয় নিৰ্বাচন ২০২৪ত জয়লাভ কৰিছে । যাৰ ফলত ১৪ বছৰৰ অন্তত কনজাৰ্ভেটিভ দলৰ শাসনৰ সমাপ্তি ঘটিছে । কেইৰ ষ্টাৰমাৰে ঋষি ছুনাকৰ স্থানত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'বলৈ সাজু হৈছে । ঋষি ছুনাকে এতিয়ালৈকে ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছে আৰু ৰাষ্ট্ৰৰ বাবে বিভিন্ন নীতিৰ ওপৰত কাম কৰি আহিছিল ।

অৱশ্যে, লেবাৰ পাৰ্টী ক্ষমতালৈ অহাৰ ফলত ইউকেৰ ৰাজনৈতিক পৰিৱৰ্তনে ভাৰতৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব ?

এগৰাকী বিশেষজ্ঞই ই টিভি ভাৰতক কৈছে যে তেওঁ আশা কৰা মতে লেবাৰ পাৰ্টীৰ নতুন প্ৰধানমন্ত্ৰী আৰু চৰকাৰে নতুন বিশ্ব শৃংখলাৰ পৰিৱৰ্তিত ৰূপৰেখা আৰু বিশ্ব অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ বৰ্ধিত শক্তি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰত এক বিশাল শক্তি খণ্ড হিচাপে ইয়াৰ অত্যধিক উত্থান বুজি পাব ।

ৰাজনৈতিক, অৰ্থনৈতিক আৰু বৈদেশিক নীতি বিশেষজ্ঞ ড৹ সুভ্ৰোকমল দত্তই কয়, "ব্ৰিটিছ সংসদীয় নিৰ্বাচনত ঐতিহাসিক জয়লাভ কৰাৰ বাবে মই লেবাৰ পাৰ্টীক অভিনন্দন জনাইছো । অৱশ্যে, ইউকেৰ নতুন চৰকাৰৰ পৰা ভাৰতত প্ৰত্যাশা খুব বেছি নহয় বৰঞ্চ নিৰপেক্ষ । অতীতত ইউকেৰ পূৰ্বৱৰ্তী লেবাৰ পাৰ্টী চৰকাৰবোৰ পাকিস্তান আৰু চীনৰ পক্ষত আছিল । আমি সেই চিন্তাধাৰাত বিশেষ পৰিৱৰ্তন দেখা নাপাওঁ যদিও তেতিয়াৰ পৰা ভূ-কৌশলগত সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ আমূল পৰিৱৰ্তন হৈছে । পাকিস্তান এখন বিফল ৰাষ্ট্ৰ আৰু তেতিয়াৰ পৰা ইউকেৰ সৈতে চীনৰ সম্পৰ্ক ক্ষতিগ্ৰস্ত হৈছে । আশা কৰো, লেবাৰ পাৰ্টীৰ নতুন প্ৰধানমন্ত্ৰী আৰু চৰকাৰে নতুন বিশ্ব শৃংখলাৰ পৰিৱৰ্তিত ৰূপৰেখা আৰু বিশ্ব অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ বৰ্ধিত শক্তি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰত এক বিশাল শক্তিখণ্ড হিচাপে ইয়াৰ অত্যধিক উত্থান বুজি পাব ।"

দত্তই লগতে কয়,"আমি দৃঢ়ভাৱে আশা কৰো যে ব্ৰিটেইনত নতুন চৰকাৰৰ অধীনত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী, দূৰদৰ্শী আৰু সংহত হ'ব আৰু অতীতৰ ভুলবোৰৰ পুনৰাবৃত্তি নহ'ব ।"

ভাৰতৰ ওপৰত ইউকে নিৰ্বাচনৰ সম্ভাব্য প্ৰভাৱ আৰু ব্ৰিটেইনৰ সৈতে ইয়াৰ সম্পৰ্ক

নিৰ্বাচনী ইস্তাহাৰত কেইৰ ষ্টাৰমাৰে ভাৰতৰ সৈতে এক নতুন কৌশলগত অংশীদাৰিত্ব স্থাপন আৰু ইউকে-ভাৰত সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে । তেওঁ কাশ্মীৰ সমস্যাৰ ওপৰত লেবাৰ পাৰ্টীৰ স্থিতি আৰু মুক্ত বাণিজ্য চুক্তিৰ দিশত কাম কৰাৰ লক্ষ্য ৰাখিছে । ইয়াৰ উপৰিও, ইস্তাহাৰত শিক্ষা, জলবায়ু পৰিৱৰ্তন, নিৰাপত্তা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছে, যি ভাৰতক দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

কেইৰ ষ্টাৰমাৰ কোন আৰু ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী ?

কেইৰ ষ্টাৰমাৰ এগৰাকী ব্ৰিটিছ ৰাজনীতিবিদ যি ২০২০ চনৰ এপ্ৰিলৰ পৰা লেবাৰ পাৰ্টীৰ নেতা আৰু বিৰোধী দলৰ নেতা হৈ আছে । ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁৰ আইনক্ষেত্ৰত এক বিশিষ্ট কেৰিয়াৰ আছিল, বিশেষকৈ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ পাব্লিক প্ৰচিকিউচন সঞ্চালক (ডিপিপি) আৰু ক্ৰাউন প্ৰচিকিউচন চাৰ্ভিছৰ (চিপিএছ) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

১৯৬২ চনৰ ২ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ষ্টাৰমাৰে ৰেইগেট গ্ৰামাৰ স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰে আৰু পিচত লিডছ বিশ্ববিদ্যালয় আৰু অক্সফৰ্ডৰ ছেইণ্ট এডমাণ্ড হলত আইন বিষয়ত অধ্যয়ন কৰে । তেওঁ ২০১৫ চনৰ পৰা হলবৰ্ণ আৰু ছেইণ্ট পেনক্ৰাছৰ সাংসদ(এমপি)হৈ আছে ।

লেবাৰ পাৰ্টীৰ নেতা হিচাপে, ষ্টাৰমাৰে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ পৰাজয়ৰ পিচত দলটোৰ পুনৰ নিৰ্মাণত গুৰুত্ব দিছে আৰু নিজকে মধ্যপন্থী হিচাপে স্থান দিছে, যাৰ লক্ষ্য হৈছে লেবাৰক ৰক্ষণশীল চৰকাৰৰ বাবে এক বিশ্বাসযোগ্য বিকল্প হিচাপে গঢ়ি তোলা ।

কেইৰ ষ্টাৰমাৰে তেওঁৰ ইস্তাহাৰত ব্ৰিটেইনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে । প্ৰচাৰৰ সময়ত লেবাৰ পাৰ্টীৰ নেতাগৰাকীয়ে 'হিন্দুফোবিয়া'ক গৰিহণা দিছিল আৰু ফাকুৱা আৰু দেৱালীৰ দৰে ভাৰতীয় উৎসৱবোৰ গ্ৰহণ আৰু উদযাপন কৰাৰ তাৎপৰ্য প্ৰকাশ কৰিছিল । ষ্টাৰমাৰে বিশ্বাস কৰে যে এই কাৰ্যকলাপবোৰে ব্ৰিটিছ আৰু ভাৰতীয় লোকসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত এক গঠনমূলক ভূমিকা পালন কৰিব । লগতে তেওঁলোকৰ পাৰস্পৰিক উন্নয়ন আৰু বিকাশত অৰিহণা যোগাব ।

লগতে পঢ়ক :পৰাজয় স্বীকাৰ ঋষি চুনাকৰ ; কেইৰ ষ্টাৰমাৰ হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী - UK General Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.