নিউজ ডেস্ক , ১৯ জানুৱাৰী :চীন আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত পুনৰ ফাট মেলিছে । আমেৰিকাই চীন আৰু হংকঙৰ কেইবাগৰাকী বিষয়াৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ পিছতে এইবাৰ চীনেও হংকঙত আমেৰিকাৰ বিষয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ ঘোষণা কৰিছে ।
উল্লেখ যে ৬ জানুৱাৰীত ৫০ গৰাকীৰো অধিক লোকতন্ত্ৰ সমৰ্থনকাৰী ৰাজনৈতিক নেতা আৰু কাৰ্যকৰ্তা বিষয়াক ৰাষ্ট্ৰীয় সুৰক্ষা আইন উলংঘনৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে হংকং চৰকাৰে । তাৰ ভিতৰত আছিল ১৩ গৰাকী প্ৰাক্তন বিধান সভাৰ সদস্য় আৰু এগৰাকী আমেৰিকাৰ অধিবক্তা আৰু এগৰাকী প্ৰাক্তন আইন প্ৰবক্তাও আছে । ইয়াৰ পিছতে ১৬ জানুৱাৰীত আমেৰিকাই হংকঙত ৰাষ্ট্ৰীয় সুৰক্ষা আইন বলবৎ কৰাৰ ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণৰ বাবে ৬ গৰাকী চীন আৰু হঙকঙৰ বিষয়া নিযুক্তি দিয়ে । আমেৰিকা কতৃপক্ষৰ এই কাৰ্যৰ পিছতে জাঙুৰ খাই উঠিছে চীন আৰু হংকঙৰ কতৃপক্ষ । পূৰ্বে চীন আৰু হংকঙ বিষয়াৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি সোমবাৰে বেজিঙে আমেৰিকাৰ বিষয়া আৰু সাংসদসকলক হংকঙত স্পষ্ট ৰূপত হস্তক্ষেপত নিষেধাজ্ঞা জাৰি কৰা বুলি এক ঘোষণা কৰে ।