ETV Bharat / international

এগজিট প’লত বাওঁপন্থী মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ পাচতে উত্তপ্ত ফ্ৰান্সৰ ৰাজপথ - France Elections 2024

Violence erupts in France: ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই নিৰ্বাচনী হিংসাৰ ফলত উত্তপ্ত হৈ পৰিছে ফ্ৰান্সৰ ৰাজপথ ৷ এগজিট প’লত বাওঁপন্থী মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ পাচতে উত্তপ্ত হৈ পৰে সমগ্ৰ ফ্ৰান্স ৷ দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত দেশখনৰ আনুষ্ঠানিক ফলাফল ঘোষণাৰ সম্ভাৱনা ।

author img

By ANI

Published : Jul 8, 2024, 9:47 AM IST

Violence erupts in France as left-wing coalition leads snap election
এগজিট প’লত বাওঁপন্থী মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ পাচতে উত্তপ্ত ফ্ৰান্সৰ ৰাজপথ (Reuters)

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 জুলাই: ফ্ৰান্সত নিৰ্বাচনী হিংসা ৷ ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি, দেশখনৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়তে এগজিট প’লত বাওঁপন্থী মিত্ৰজোঁটে অগ্ৰগতিৰ লাভ কৰাত সমগ্ৰ ফ্ৰান্সত সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ ৷ এই এগজিটে প’লে মেৰিন লে পেনৰ দেশখনত প্ৰথমখন কট্টৰ সোঁপন্থী চৰকাৰ গঠনৰ উচ্চাকাংক্ষাত আঘাত হানে । ভাইৰেল হোৱা ভিডিঅ’বোৰত সংঘৰ্ষকাৰীয়ে মুখা পিন্ধি ৰাজপথত অগ্নিসংযোগ কৰি অশান্তিৰ সৃষ্টি কৰিছিল ।

ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি ফ্ৰান্সৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ কাৰণ হ’ল এগজিট প’লত বাওঁপন্থী মিত্ৰজোঁটৰ অগ্ৰগতি ৷ যাৰ ফলত দেশখনত উদযাপন আৰু অশান্তি দুয়োটা পৰিৱেশৰে সৃষ্টি হৈছে । এগজিট প’লত অভাৱনীয়ভাৱে সুদূৰ বাওঁপন্থী ৰাজনৈতিক মিত্ৰজোঁট আগবাঢ়ি যোৱাৰ সময়তে প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আটালে পদত্যাগ ঘোষণা কৰে ।

দ্বিতীয় স্থান দখল কৰা প্ৰধানমন্ত্ৰী ইমানুৱেল মেক্ৰ’নৰ কেন্দ্ৰীয়তাবাদী ব্লকক লৈ মিত্ৰজোঁটৰ ব্যাপক সমৰ্থনৰ ওপৰত আলোকপাত কৰি পেৰিছৰ প্লেচ ডি লা ৰিপাব্লিকত হাজাৰ হাজাৰ লোকে এই খবৰটোত উৎসাহ প্ৰদৰ্শন কৰিছিল ।

ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি, মেৰিন লে পেনৰ নেশ্যনেল ৰেলীয়ে ক্ষমতা দখল কৰাৰ আশা কৰিছিল, ৰক্ষণশীলসকল এই খবৰত বিচলিত হৈ পৰিছিল ।

ছ’চিয়েল মিডিয়াৰ ফুটেজত পেৰিছৰ ৰাজপথত অগ্নিময় দৃশ্য বন্দী কৰা হৈছে ৷ সংঘৰ্ষৰ মাজত কন্দুৱা গেছ নিয়োগ কৰা হৈছিল । প্ৰতিবাদকাৰীয়ে মল’টভ ককটেইল নিক্ষেপ কৰাৰ লগতে ধোঁৱা বোমা বিস্ফোৰণ কৰা বুলি জানিব পৰা গৈছে ।

পপুলাৰ ফ্ৰণ্ট নামেৰে জনাজাত বিজয়ী বাওঁপন্থী মিত্ৰজোঁটটোত ফ্ৰান্সৰ ছ’চিয়েলিষ্ট পাৰ্টি, ফ্ৰান্সৰ কমিউনিষ্ট পাৰ্টি, ইক’লজিষ্ট আৰু ফ্ৰান্স আনব’ড আদি অন্তৰ্ভুক্ত ।

এই জোঁটে মেক্ৰ’নৰ পেঞ্চন সংস্কাৰ বাতিল কৰা আৰু 60 বছৰ অৱসৰৰ বয়সৰ পোষকতা কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ মজুৰি বৃদ্ধি, সম্পদ কৰ পুনৰ স্থাপন আৰু ফ্ৰান্সৰ ন্যূনতম মজুৰি বৃদ্ধিৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে ।

নিৰ্বাচনৰ ফলাফলত ফ্ৰান্সৰ ৰাজনীতিত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল, জৰ্ডান বাৰ্ডেলাৰ নেতৃত্বত অনুষ্ঠিত হোৱা নেশ্যনেল ৰেলীয়ে প্ৰাৰম্ভিকভাৱে বহু আশা কৰা সত্ত্বেও যথেষ্ট লাভৰ দাবী কৰিছিল । তেওঁ মেক্ৰ’নক কথিতভাৱে "ফ্ৰান্সক অনিশ্চয়তা আৰু অস্থিৰতালৈ ঠেলি" বুলি সমালোচনা কৰে ।

ইফালে, দ্বিতীয় ৰাউণ্ডৰ সংসদীয় নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল ঘোষণাৰ পিচত এলিচি পেলেচৰ এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে নতুন চৰকাৰৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অপেক্ষা কৰিব ।

পেৰিছত বাওঁপন্থী এন এফ পিয়ে আৰ এনক অতিক্ৰম কৰাৰ এগজিট প’লে সমৰ্থকসকলৰ মাজত আনন্দৰ সৃষ্টি কৰিছিল । এই ফলাফলে প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনৰ পিছত আৰ এনৰ প্ৰাৰম্ভিক অগ্ৰগতিৰ ক্ষেত্ৰত পৰিৱৰ্তন ঘটায় । স্থানীয় সময় অনুসৰি নিশা 8 বজাত ফলাফল নিশ্চিত হোৱাৰ লগে লগে আৱেগ প্ৰকাশ কৰি পেৰিছৰ লোকসকলে হাতে হাতে ফলক লৈ ৰাজপথলৈ ওলাই আহে আৰু উল্লাস কৰে ।

এই উদযাপন চলি থকাৰ মাজতে সকাহৰ অভিব্যক্তি স্পষ্ট হৈ পৰিছিল আৰু ৰাজপথত সকলোৱে "ফেচিষ্টক ঘৃণা কৰো" বুলি ধ্বনি প্ৰতিধ্বনিত হৈছে ।দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত দেশখনৰ আনুষ্ঠানিক ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ইউৰোপীয় সংসদ নিৰ্বাচন: অতি সোঁপন্থী দলৰ উত্থানে কিহৰ ইংগিত দিছে ? - European Parliament elections

মোদী-মেক্ৰ’নৰ ইজৰাইলৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল আইফেল টাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.