নগাঁও, 5অক্টোবৰ:নগাঁও জিলাত 600 জন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই ।
ভূমিহীন লোকক অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা ৫৫ হেজাৰ মাটিৰ পট্টা প্ৰদানৰ কাৰ্যসূচীৰ অংশস্বৰূপে নগাঁও জিলাতো সোমবাৰে মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয় । জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ মুঠ 600 জন ভূমিহীন হিতাধিকাৰীক প্ৰদান কৰা হয় মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ ।