অসম

assam

কেবৰ সমৰ্থনত ৰাজপথলৈ আহি ফাদিল হ'ল ABVPৰ জ্ঞানৰ নমুনা

By

Published : Dec 7, 2019, 8:46 PM IST

Updated : Dec 7, 2019, 10:30 PM IST

মহানগৰীত কেবৰ সমৰ্থন গেৰুৱা দলৰ ছাত্ৰ সংগঠন এ বি ভি পিৰ প্ৰতিবাদী সমদল ৷ আন্দোলনকাৰী এ বি ভি পি সমৰ্থকৰ জ্ঞানৰ নমুনাত হতভম্ব ৰাজ্যৰ বিদ্বত সমাজ ৷ বি বৰুৱা কলেজৰ সন্মুখত কেবৰ বিৰুদ্ধে এ বি ভি পিক বাধা দিবলৈ ওলাই আহিল ছাত্ৰ ছাত্ৰী ৷ ছাত্ৰ সমাজক আন্দোলনৰ পৰা আতৰি থাকিবলৈ কৈ গেৰুৱা দলৰ ছাত্ৰ সংগঠনক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দিলে চৰকাৰী নিৰাপত্তা ৷

কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা
কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা

গুৱাহাটী, 7 ডিচেম্বৰ :শনিবাৰে গুৱাহাটীৰ ৰাজপথত কেবক সৰ্মথন কৰি পিতৃ সংগঠনৰ শ্ৰুতলিপি শুনি ওলাই আহিল বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পি ৷ অসমীয়াৰ জাতীয় জীৱনক লৈ ৰাজপথলৈ ওলাই অহা সংগঠনটোৱে কেবৰ বিৰুদ্ধে ৰাজপথত নামিল ঠিকেই কিন্তু সাংবাদিকৰ প্ৰশ্নত থৰকাচুতি হেৰাই দায়সৰা তথা স্ববিৰোধী মন্তব্যৰে পৰিস্থিতি হাস্যকৰ কৰি তুলিলে একাংশ এ বি ভি পি সমৰ্থকে ৷ এ বি ভি পিৰ এই আন্দোলনক লৈ বি বৰুৱা কলেজৰ সন্মুখত সৃষ্টি হ'ল ব্যাপক উত্তেজনাৰ ৷ কেব সমৰ্থনকাৰীক বাধা দিবলৈ ওলাই আহিল বি বৰুৱা কলেজৰ ছাত্ৰ-ছাত্ৰী ৷

কেবক সমৰ্থন কৰিবলৈ আহি ফাদিল হ'ল এ বি ভি পিৰ জ্ঞানৰ নমুনা

কেবৰ সমৰ্থনত ওলাই অহা এইসকলৰ মুখেদিয়ে শুনো আহক নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়াক কেব কিয় লাগে ? যি উত্তৰ শুনি আপুনিও আশ্বৰ্যচকিত হৈ যাব ৷ এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

আৰু পঢ়ক: NRC আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন গঢ়ি তুলিব তৃণমূল কংগ্ৰেছে !

Last Updated : Dec 7, 2019, 10:30 PM IST

ABOUT THE AUTHOR

...view details