নিউজ ডেস্ক, 15 মে': বিজেপিৰ দুগৰাকী মন্ত্ৰী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে MSME খণ্ডৰ ওপৰত দিয়া দুটা বিপৰীত ভাষ্যৰ পাচত এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ।
কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী পি চিদাম্বৰামে কয় যে, "মন্ত্ৰী নিতিন গাডকাৰীয়ে কয় চৰকাৰ আৰু PSU ক আদায় নকৰা ফলত MSMEৰ 5 লাখ কোটি টকাৰবকেয়া আছে । আনহাতে মন্ত্ৰী সিতাৰামণে কয় তেওঁ MSME( প্ৰায় 45 লাখ) ক জমানত মুক্ত 3 লাখ কোটি টকাৰ ঋণ প্ৰদান কৰিব ।" চিদাম্বৰমে প্ৰশ্ন কৰে যে, "ঋণ দিব কোনে আৰু ঋণ লব কোনে ?"