ETV Bharat / business

JIO ৰ পাচতে Airtel-এ ৰ গ্ৰাহকক মাধমাৰ; ব্যয়বহুল হৈ পৰিছে ৰিচাৰ্জিং সেৱা - Bharti Airtel Hikes Mobile Recharge

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:57 PM IST

Airtel Hikes Mobile Recharge : ভাৰতী এয়াৰটেলে ২০২৪ চনৰ ৩ জুলাইৰ পৰা ম’বাইলৰ শুল্ক কিছু সংশোধন কৰিছে । ইয়াত এয়াৰটেল প্লেনৰ পৰিমাণ সামান্য বৃদ্ধি (প্ৰতিদিনে ৭০ পইচাতকৈও কম) কৰা হৈছে, যাতে গ্ৰাহকৰ ওপৰত কোনো ধৰণৰ বোজা নপৰে ৷

Airtel Hikes Mobile Recharge
JIO ৰ পাচতে Airtel-এ দিছে আঘাত; ব্যয়বহুল হৈ পৰিছে ৰিচাৰ্জিং (ETV Bharat)

নিউজ ডেস্ক, ২৮ জুন : ৩ জুলাই, শুকুৰবাৰৰে পৰা বৃদ্ধি হ’ব ম’বাইলৰ শুল্ক ৷ ভাৰতী এয়াৰটেলে এইবাৰ বৃদ্ধি কৰিছে ম’বাইলৰ শুল্ক । যোৱা ডেৰ-দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰিলায়েন্স JIO-এ ১২ ৰ পৰা ২৭ শতাংশ ম’বাইলৰ শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷

এক বিবৃতি অনুসৰি, আনলিমিটেড ভইচ প্লেন(Unlimited voice plans)ত এয়াৰটেলে ১৭৯ টকাৰ প্লেনৰ শুল্ক ৪৫৫ টকাৰ পৰা ৫৯৯ টকালৈ, ১৭৯৯ টকাৰ পৰা ১৯৯৯ টকালৈ বৃদ্ধি কৰিছে ।

  • কি কয় এয়াৰটেলে ?

ভাৰতী এয়াৰটেলে নিয়ন্ত্ৰণমূলক ফাইলিঙত কয় যে এয়াৰটেলে ২০২৪ চনৰ ৩ জুলাইৰ পৰা ম’বাইল শুল্কও সংশোধন কৰিব । গ্ৰাহকৰ বাজেটৰ ওপৰত যাতে কোনো ধৰণৰ বোজা নহয়, সেই লক্ষ আগত ৰাখি এণ্ট্ৰি-লেভেল প্লেনত অতি সামান্য মূল্যবৃদ্ধি (প্ৰতিদিনে ৭০p কৈ কম) কৰা হৈছে বুলি ভাৰতী এয়াৰটেলে কয় ।

লগতে ভাৰতী এয়াৰটেলে কয় যে ভাৰতৰ টেলিকম কোম্পানীসমূহৰ আৰ্থিকভাৱে সুস্থ ব্যৱসায়িক মডেল সক্ষম কৰিবলৈ প্ৰতি ব্যৱহাৰকাৰীৰ ম’বাইল গড় ৰাজহ (ARPU) ৩০০ টকাৰ ওপৰত হ’ব লাগে ।

  • এয়াৰটেলৰ শ্বেয়াৰ

আৰম্ভণিৰ ব্যৱসায়ত ভাৰতী এয়াৰটেলৰ শ্বেয়াৰ ১৮.২৫ টকা বা ১.২৪ শতাংশ বৃদ্ধিৰে ১৪৯০.০৫ টকাত ব্যৱসায় কৰা হৈছে ।

  • ৰিলায়েন্স JIO ৰ বৃদ্ধি হ’ল ৰিচাৰ্জ

ৰিলায়েন্স JIO ই বৃহস্পতিবাৰে ঘোষণা কৰে যে অহা ৩ জুলাইৰ পৰা ম’বাইল সেৱাৰ ৰেট বৃদ্ধি কৰিব । কোম্পানীটোৱে প্ৰায় সকলো প্লেনতে ম’বাইল সেৱাৰ হাৰ বৃদ্ধি কৰিছে । প্ৰায় ডেৰ-দুবছৰৰ ব্যৱধানৰ অন্তত জিঅ’ই প্ৰথমবাৰৰ বাবে ম’বাইল সেৱাৰ হাৰ বৃদ্ধি কৰিছে ।

JIO ৰ সৰ্বনিম্ন ৰিচাৰ্জৰ মূল্য ১৯ টকা হৈ পৰিছে, যিটো 1GB ডাটা এড-অন-পেকৰ বাবে ১৫ টকাতকৈ প্ৰায় ২৭ শতাংশ বেছি । 75GB পোষ্টপেইড ডাটা প্লেন এতিয়া গ্ৰাহকৰ বাবে ৩৯৯ টকাৰ পৰিৱৰ্তে ৪৪৯ টকাত উপলব্ধ হ’ব ।

লগতে জিঅ’ই ৮৪ দিনৰ বৈধতা থকা জনপ্ৰিয় ৬৬৬ টকীয়া আনলিমিটেড প্লেনৰ মূল্য ৭৯৯ টকা কৰিছে, যিটো প্ৰায় ২০ শতাংশ বৃদ্ধি ।

লগতে পঢ়ক : প্ৰতিটো প্লেনৰে ভাবিব নোৱৰাকৈ দাম বঢ়ালে জিঅ’ই - Jio increases tariffs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.