অসম

assam

জাতীয় যুৱ শক্তিৰ হোজাই জিলা আহ্বায়ক সমিতি গঠন

By

Published : Nov 13, 2020, 7:36 PM IST

শুকুৰবাৰে হোজাই জিলাৰ ১ নং কাকী নাট্যচ'ৰা প্ৰেক্ষাগৃহত কে'বা শতাধিক যুৱশক্তিৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ হোজাই জিলা আহ্বায়ক সমিতি গঠন কৰা হয় ।

Jatiya yuva shakti Hojai district committee form
জাতীয় যুৱ শক্তিৰ হোজাই জিলা আহ্বায়ক সমিতি গঠন

হোজাই, ১৩ নৱেম্বৰ:সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম হোৱা দ্বিতীয়টো ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ হোজাই জিলা আহ্বায়ক সমিতি গঠন । শুকুৰবাৰে হোজাই জিলাৰ ১ নং কাকী নাট্যচ'ৰা প্ৰেক্ষাগৃহত কেইবা শতাধিক যুৱশক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।

জাতীয় যুৱ শক্তিৰ হোজাই জিলা আহ্বায়ক সমিতি গঠন

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী, বেনীমাধৱ ঘোষ, মুখপাত্ৰ জিয়াউৰ ৰহমান, যুৱশক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক লাকিমনি বৰুৱা, সহ তত্বাবধায়ক অভিজিত কমল ভূঞা । আনহাতে, এই অনুষ্ঠানতে বুধবাৰে নিশা কাকপথাৰত ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা সাংবাদিক তথা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ উচিত তদন্ত বিচাৰে।

লগতে পঢ়কঃমিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details