নিউজ ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হ’বলগা বিতৰ্কৰ (Motion of thanks to the President's address)ৰ প্ৰথমগৰাকী বক্তা হ'ব ৷ সূত্ৰ অনুসৰি, লোকসভাত ধন্যবাদ প্ৰস্তাৱৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বক্তব্য প্ৰকাশ কৰিবলৈ বিৰোধী দলসমূহক ১২ ঘণ্টা সময় দিয়া হৈছে । মুঠ ১২ ঘণ্টাৰ ভিতৰত কংগ্ৰেছক এক ঘণ্টা সময় ধাৰ্য কৰি দিয়া হৈছে ৷
সৰ্ববৃহৎ বিৰোধী দল হোৱাৰ বাবে কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে বিৰোধী দলসমূহৰ ফালৰ পৰা প্ৰথমে কোৱাৰ সুযোগ পাব ৷ বিৰোধী নেতাগৰাকীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বাজেটৰ ওপৰত বক্তব্য ৰখাৰ লগতে স্পাইৱেৰ ছফ্টৱেৰ পেগাচাছৰ বিষয়টোও উত্থাপন কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
আনহাতে কংগ্ৰেছ দলে যুৱ কংগ্ৰেছ কৰ্মীসকলক সংসদৰ বাহিৰত প্ৰতিবাদ কৰাৰ লগতে পেগাচাছৰ বিষয়টো উত্থাপন কৰিবলৈ কৈছে । ইয়াৰ পূৰ্বে, সাংবাদিকে ৰাহুল গান্ধীক বাজেট আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত মন্তব্য বিচৰাত প্ৰথমে তেওঁ সংসদত মন্তব্য প্ৰকাশ কৰিব বুলি উল্লেখ কৰে ৷