অসম

assam

Bridge inaugurated in Anjaw: অৰুণাচলৰ অঞ্জৱেত বেইলী দলং উদ্বোধন

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:40 PM IST

অৰুণাচল প্ৰদেশৰ অঞ্জৱে জিলাৰ মিথুমনাৰ ওচৰৰ থা নলাৰ ওপৰত নিৰ্মিত বেইলি দলংখন মুকলি ৷ সীমান্ত পথ সংস্থা (বিআৰঅ') আৰু অঞ্জৱে জিলা আয়ুক্তৰ সমন্বয়ত ভাৰতীয় সেনাই থা নলাৰ ওপৰত ১২০ ফুট দৈৰ্ঘৰ দলঙখন নিৰ্মাণ কৰে ৷

Bailey bridge inauguration at Anjaw
অৰুণাচলৰ অঞ্জৱেত বেইলী দলং উদ্বোধন

তেজপুৰ, ২৪ আগষ্ট: অৰুণাচল প্ৰদেশৰ অঞ্জৱে জিলাৰ মিথুমনাৰ ওচৰৰ থা নলাৰ ওপৰত নিৰ্মিত বেইলি দলংখন আজি মুকলি কৰা হয় ৷ ভাৰতীয় সেনাই সীমান্ত পথ সংস্থা (বিআৰঅ') আৰু অঞ্জৱে জিলা আয়ুক্তৰ সমন্বয়ত ‘‘থা নলা’’ৰ ওপৰত ১২০ ফুট দৈৰ্ঘৰ দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হয় ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ৷ বাৰিষাৰ সময়ত নলাটোৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ লগতে বহু লোকৰ মৃত্যুও হৈছে ৷

অৰুণাচলৰ অঞ্জৱেত বেইলী দলং উদ্বোধন

উল্লেখ্য যে, অঞ্চলটো অৰুণাচল প্ৰদেশৰ অঞ্জৱে জিলাৰ চাগলোহাগাম চক্ৰ সীমান্তৰ অন্যতম দুৰ্গম অঞ্চল । অঞ্চলটোৰ জনসাধাৰণ আৰু তাত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানে ৰুষ্ট প্ৰাকৃতিক আৰু দুৰ্বল আন্তঃগাঁথনিৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে । চাগ্লোহাগামৰ পৰা হাউলিয়াঙৰ লৈ ৫৭ কিলোমিটাৰ দৈৰ্ঘৰ পথটো মিথুমনাৰ ওচৰৰ "থা নলা"ত ঋতুভিত্তিক ভূমিস্খলনৰ বাবে যিকোনো সময়ত বন্ধ হৈ পৰিছিল ৷

অৰুণাচলৰ অঞ্জৱেত বেইলী দলং উদ্বোধন

ভাৰতীয় সেনাই সীমান্ত পথ সংস্থা (বিআৰঅ') আৰু অঞ্জৱে জিলা আয়ুক্তৰ সহযোগত দ্ৰুত পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ ফলত প্ৰতিকূল বতৰ আৰু কষ্টকৰ ভূখণ্ডৰ স্বত্বেও দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল । স্থানীয় মিশ্মী জনগোষ্ঠীয়ে আজি আৰ ডি হায়ুলিয়াং- চাগ্লোহাগামৰ কাষত মিথুমনাৰ ওচৰত দলংখনৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে । গাঁৱৰ জ্যেষ্ঠসকলে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি হায়ুলিয়াং আৰু চাগ্লোহাগামৰ মাজত গোটেই বছৰটো পথ সংযোগ সক্ষম কৰাৰ বাবে ভাৰতীয় সেনা আৰু বিআৰঅ'ক কৃতজ্ঞতা জনায় ৷

অৰুণাচলৰ অঞ্জৱেত বেইলী দলং উদ্বোধন

ভাৰতীয় সেনাৰ বিষয়া, বিআৰঅ'ৰ জ্যেষ্ঠ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকলে গাঁওবাসীক সম্বোধন কৰি আগন্তুক সময়তো অঞ্চলসমূহত গাঁওবাসীয়ে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে সম্পূৰ্ণ সমৰ্থন কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক:Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

ABOUT THE AUTHOR

...view details