অসম

assam

আগন্তুক পাঁচদিনলৈ বৰষুণৰ সম্ভাৱনা : বিজুলী-ঢেৰেকণিৰ সম্ভাৱনাও ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 5:58 PM IST

WEATHER FORECAST ASSAM
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

গুৱাহাটী, ৩১ জুলাই : ৰাজ্যত আগন্তুক পাঁচদিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ সাগৰপৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ প্ৰভাৱ পৰিব ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা আগজাননী অনুসৰি আজিৰে পৰা চাৰি আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বিভিন্ন স্থানত মজলীয়াধৰণৰ বৰষুণ অহাৰ সম্ভৱনা আছে । আগন্তুক ২৪ ঘণ্টাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ দুই-এঠাইত বিজুলী-ঢেৰেকণিৰ উপৰি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে । চাৰি আগষ্টলৈকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ।

ABOUT THE AUTHOR

...view details