ETV Bharat / snippets

স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত কঁহৰাত পৰ্যটন বিভাগৰ চাফাই অভিযান

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

cleaning campaign in Kaziranga National Park
কাজিৰঙাত পৰ্যটন বিভাগৰ চাফাই (ETV Bharat)

কাজিৰঙা, ১৯ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে পুৱা কঁহৰা চাৰিআলিত অসম পৰ্যটনৰ সহকাৰী পৰ্যটন উন্নয়ন বিষয়া বিমল বৰা আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ যুৱ পৰ্যটন ক্লাৱৰ সমন্বয়ক তৃষ্ণা বৰুৱাৰ নেতৃত্বত পৰ্যটন কৰ্মচাৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙাত এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত কঁহৰা চাৰিআলিৰ আৰক্ষী চকীৰ সন্মুখভাগৰ পৰা আৰম্ভ কৰি নতুনকৈ নিৰ্মিত উদ্যানখন চাফচিকুণ কৰে ৷

চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ যুৱ পৰ্যটন ক্লাৱৰ সমন্বয়ক তৃষ্ণা বৰুৱাই কয় যে কোনো এটা অঞ্চল চাফচিকুণ কৰি ৰখাটো সকলো সচেতন নাগৰিকৰে দায়িত্ব ৷ উল্লেখ্য যে, ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশব্যাপী চলা স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অংশস্বৰূপে কাজিৰঙাটো চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.