গুৱাহাটী : অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাত অসাধু চক্ৰই বিভিন্ন ম’বাইল এপ্লিকেচন ব্যৱহাৰ কৰি অসৎ উপায় অৱলম্বন কৰিব নোৱৰাৰ বাবে পৰীক্ষা গৃহত নিষিদ্ধ কৰা হৈছিল ম’বাইল । কিন্তু নিৰাপত্তাৰক্ষীৰ কঠোৰ পহৰাৰ মাজতেই গুৱাহাটীৰ নাৰেংগীৰ যুৱ নগৰৰ এছ আৰ একাডেমীৰ পৰীক্ষা কেন্দ্ৰৰ পৰা গ্ৰেপ্তাৰ হ’ল তেজপুৰৰ এজন যুৱক ৷
ADRE পৰীক্ষা কেন্দ্ৰত ম’বাইলসহ গ্ৰেপ্তাৰ পৰীক্ষৰ্থী
ADRE পৰীক্ষা কেন্দ্ৰত গ্ৰেপ্তাৰ পৰীক্ষৰ্থী (ETV Bharat Assam)
Published : Oct 28, 2024, 11:24 AM IST
যুৱকজনে পৰীক্ষা কেন্দ্ৰত প্ৰশ্নৰ উত্তৰ লিখি থাকোতেই ফোনৰ ৰিং বাজি উঠে ৷ পিচত পৰীক্ষা নিয়ন্ত্ৰকে তালাচী চলাই এটা ম’বাইল ফোনটো জব্দ কৰে । বৰ্তমান যুৱকজনক নুনমাটি আৰক্ষীয়ে আটক কৰে ৷ লগতে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।