অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:27 PM IST

ETV Bharat / snippets

ঝাৰখণ্ডত ৰে’ল দুৰ্ঘটনা; তিনিজন যাত্ৰীৰ মৃত্যু, আহত কেবাজনো

Train accident in Latehar
Train accident (ETV Bharat)

নিউজ ডেস্ক, 14 জুন:ঝাৰখণ্ডত সংঘটিত হৈছে এক ৰে’ল দুৰ্ঘটনা ৷ চাচাৰাম-ৰাঁচী ইন্টাৰচিটি এক্সপ্ৰেছখন কুমংডীহ ষ্টেচন পোৱাৰ সময়তে কোনোৱে ৰে’লৰ ইঞ্জিনত জুই লগা বুলি চিঞৰ-বাখৰ কৰে ৷ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহু যাত্ৰীয়ে ৰে’লখনৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ৷ সেই সময়তে আন এটা ট্ৰেকেৰে আহি থকা এখন মালবাহী ৰে’লৰ তলত পৰি কেবাজনো যাত্ৰীৰ প্ৰাণ হানি হোৱা বুলি খবৰ পোৱা গৈছে ৷

শেহতীয়া তথ্য মতে তিনিজন লোক নিহত হৈছে আৰু আন কেবাজনো লোক আহত হৈছে ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইতিমধ্যে ৰে’ল বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছেগৈ ৷

ABOUT THE AUTHOR

...view details