মাজুলীত বনৰীয়া হাতীৰ আতংক : ভাঙি তচনচ কৰিলে বাসগৃহৰ লগতে গোহালি - Man Elephant conflict
Published : Aug 17, 2024, 7:06 AM IST
মাজুলী, 17 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । সমান্তৰালভাৱে সত্ৰ নগৰী মাজুলীতো বনৰীয়া হাতীৰ ত্ৰাস পৰিলক্ষিত হৈছে । মাজুলীৰ টিকিৰাই চাপৰিত বনৰীয়া হাতীৰ আতংকত ভুগিছে সাধাৰণ লোক । জানিব পৰা মতে, প্ৰায় 150 ৰো অধিক হাতীয়ে টিঘিলঘিলাই আছে জিলাখনৰ টিকিৰাই চাপৰিত । 150 জনীয়া হাতীৰ জাকটোৰ বাবেই পোহনীয়া জীৱ-জন্তুৰ লগতে খেতি চাপৰিতে এৰি গাঁৱলৈ ঢাপলি মেলিছে স্থানীয় লোকসকলে ।
স্থানীয় লোকে জনোৱা অনুসৰি হাতীৰ এই বৃহৎ জাকটোৱে অৰ্ধ শতাধিক গৰুৰ গোহালি আৰু ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে । আনকি বহু গৰু মৃত্যুমুখত পৰিছে বুলিও জানিব পৰা গৈছে ।
অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত সংশ্লিষ্ট বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপেৰে জনায় ভুক্তভোগী লোকে ৷