অসম

assam

ETV Bharat / videos

সহজে ধন ঘটিবৰ বাবেই শিক্ষাবিমুখ হৈ একাংশ নামি পৰিছে ড্ৰাগছ ব্যৱসায়ত

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:23 PM IST

ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী : ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাচতো ডিব্ৰুগড় জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈয়ে আছে ড্ৰাগছ । ইয়াৰ মাজতে মৰাণ নগৰত দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত দুই সৰবৰাহকাৰী হৈছে মাকুম বাৰেকুৰিৰ জিতুল দাস (২৩) আৰু দিহিংমুখ মিৰিপথাৰৰ অংকুৰ গগৈ (২৪)।দুই ড্ৰাগছ সৰবৰাহকাৰী পৰা ২৩•৬২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু এটা মোবাইল হেণ্ডচেট জব্দ কৰিছে মৰাণ আৰক্ষীয়ে ৷ মৰাণ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত এখন ৰিক্সাত আহি থকা অৱস্থাত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । জব্দ কৰা ড্ৰাগছখিনি ডিমাপুৰৰ কোনো স্থানৰ পৰা আনি থাকোতে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ৷লগতে পঢ়ক : হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details