যাত্ৰীবাহী বাহনে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ সমৰ্থক কঢ়িওৱাত জনতাৰ হাহাকাৰ
Published : Mar 9, 2024, 4:01 PM IST
কলিয়াবৰ, ৯ মাৰ্চ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট আগমনক লৈ সকলো ব্য়স্ত হৈ পৰে । ৯০ শতাংশ বাছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানলৈ সমৰ্থক কঢ়িওৱাত সাধাৰণ যাত্ৰীৰ আহুকালৰ সৃষ্টি হয় । উজনি-নামনি-উত্তৰ অসমলৈ যোৱা যাত্ৰীৰ মাজত আজি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । কলিয়াবৰতো যাত্ৰীবাহী বাছৰ অপেক্ষাতেই বহুতে বোন্দাপৰ দি ঘৰলৈ উভতি যাবলগীয়া হৈছে ।
যোৱা নিশাৰে পৰা কলিয়াবৰত আৱদ্ধ হৈ আছিল গধুৰ যান-বাহন ট্ৰাক । অৱশ্য়ে গধুৰ যান-বাহন যোৱাৰ অনুমতি লাভ কৰাৰ পাচতেই কলিয়াবৰ তিনিআলিত ভীষণ যানজঁটৰ সৃষ্টি হয় । যান-বাহন আৰক্ষীৰ অনুপস্থিতিত কৰ্তব্যৰত আৰক্ষীয়ে চম্ভালিব পৰা নাছিল পৰিস্থিতি । আনহাতে,দূৰণিবটীয়া যাত্ৰীয়ে বাছ নাপায় ঘণ্টা-ঘণ্টা ধৰি কলিয়াবৰ তিনিআলিত দিয়ে বোন্দাপৰ । আনহাতে, যানজঁটৰ মাজত এম্বুলেন্স সোমাই পৰাত বিপদত পৰে ৰোগীৰ পৰিয়াল । উল্লেখ্য় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলোঙোপাৰাৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে ১২৫ ফুট দৈৰ্ঘ্য়ৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি দেশবাসীয়ে উচৰ্গা কৰে ।
লগতে পঢ়ক:পুৱাই হাতীৰ পিঠিত উঠি প্ৰধানমন্ত্ৰীৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ