অসম

assam

গ্ৰীষ্মবন্ধৰ আনন্দ কৰোতেই পানীত ডুবিল তিনি শিশু - Child Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:06 PM IST

ঢকুৱাখনাত সলিল সমাধি (ETV Bharat Assam)

লখিমপুৰ, ২১ জুলাই: লখিমপুৰ জিলাৰ ঢকুৱাখনাত দেওবাৰে দুপৰীয়া এক মৰ্মান্তিক ঘটনা সংঘটিত হয় । তিনিটি শিশুৰ একেলগে সলিল সমাধি ঘটে । ঢকুৱাখনাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনাটো । ঘটনাৰ বিৱৰণি অনুসৰি বিশাল নাথ, জিন্টু চুতীয়া আৰু সমীৰণ নাথ নামৰ শিশু তিনিটিয়ে একেলগে পুখুৰীত গা ধুই থাকোতেই ডুব যায় ।

সোণাৰি  চাপৰিৰ চেনিমাৰী গাঁৱৰ পবিত্ৰ নাথ, অমিতেশ্বৰ চুতীয়া আৰু গোগামুখৰ চেলাজান গাঁৱৰ নন্দ নাথৰ ১০ বছৰীয়া তিনি পুত্ৰ ক্ৰমে বিশাল নাথ, জিন্টু চুতীয়া আৰু সমীৰণ নাথে গ্ৰীষ্মবন্ধৰ বাবে পবিত্ৰ নাথৰ ঘৰৰ দাঁতিত থকা এটা পুখুৰীত গা ধুই থকা অৱস্থাতে ডুব যায় । 

শিশুকেইটি বহু সময় ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে চাবলৈ গৈ তিনিওকে পুখুৰীত পৰি থকা দেখি উদ্ধাৰ কৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে । কিন্তু চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে । গোগামুখৰ পৰা আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহি অকাল মৃত্যুক সাৱতি লোৱা সমীৰণ নাথৰ লগতে চেনিমাৰী গাঁৱৰ দুটি শিশুৰ অকাল বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:ভাতৃক বচাবলৈ পানীত জাঁপ দিয়া দুই শিশুৰ সমাধি, এজনক জীৱন্তে উদ্ধাৰ

গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

ABOUT THE AUTHOR

...view details