অসম

assam

ETV Bharat / videos

নলবাৰীত খুঁটাত বান্ধ খালে বিহাৰী চিলনী চোৰ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:05 PM IST

নলবাৰী, ২৩ ফেব্ৰুৱাৰী : নলবাৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এইবাৰ চিলনী চোৰে কাঢ়ি নিলে বেংকৰ পৰা উলিয়াই অনা ধন । জিলাখনৰ সাগৰকুছিৰ বিক্ৰম কলিতা নামৰ ব্যক্তি এগৰাকীয়ে নলবাৰী চহৰৰ ইউনিয়ন বেংকৰ পৰা ১ লাখ ৪৮ হাজাৰ টকা উলিয়াই অনাৰ সময়ত কৌশলেৰে টকাৰ বেগটো লৈ উধাও হয় চিলনী চোৰ ।

তাৰ পিচতে চহৰখনৰ বৰুৱা ৰোডত চোৰটোক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে টকাখিনি উদ্ধাৰ কৰে ৷ ধৃত চোৰটো বিহাৰৰ মুকেশ দাস বুলি চিনাক্ত কৰা হৈছে ৷ চোৰটো কৰায়ত্ব কৰাৰ পিচতেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আটক কৰি থানালৈ লৈ যায় ৷

চোৰৰ দলটোত কিমানজন আছিল সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: বিয়ালৈ আহি কইনাৰ গহনা-কাপোৰ চুৰি কৰা চোৰক আটক

ABOUT THE AUTHOR

...view details