অসম

assam

ETV Bharat / videos

আহিছিল বিয়া পাতিবলৈ, পালেহি ৰঙাঘৰ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 9:29 PM IST

হোজাই,১৩ মাৰ্চ: বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ থকাৰ সময়তো যেন গা-লৰা নাই একাংশৰ । কিয়নো ৰাজ্যত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা । এইবাৰ ৰভাতলীতে আৰক্ষীয়ে আটক কৰিলে বাল্য বিবাহ কৰিবলৈ অহা দৰা-কইনা আৰু দৰাৰ পিতৃসহ পৰিয়ালৰ একাংশ লোকক । হোজাইৰ খাৰিখানাত সংঘটিত হৈছে এই ঘটনা ।  

জানিব পৰা মতে, লংকাৰ খাৰিখানাৰ এগৰাকী ১৬ বছৰ ৮ মাহৰ কিশোৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ আহিছিল বোকাজানৰ এজন কিশোৰ । পিছত, লংকা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হোজাইৰ শিশু কল্যাণ সমিতিৰ সদস্যৰ সহযোগত দৰা বোকাজানৰ পৰা আহি পোৱা মাত্ৰেই চোতালত চলি থকা বিবাহৰ নীতি-নিয়মৰ মাজতেই আটক কৰে দৰা-কইনাসহ দৰাৰ পিতৃক । আটাইকে আটক কৰি খাৰিখানাৰ কইনা ঘৰৰ পৰা লৈ আহে লংকা থানালৈ । বৰ্তমান লংকা আৰক্ষী থানাত দৰা-কইনাসহ দৰাৰ পিতৃ । 

লগতে পঢ়ক: লখিমপুৰত বাল্যবিবাহৰ পয়োভৰ: উদ্বিগ্ন সচেতন সমাজ

ABOUT THE AUTHOR

...view details