সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated road in Teok - DILAPIDATED ROAD IN TEOK
Published : Jun 30, 2024, 7:37 AM IST
টীয়ক, 30 জুন : সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবেই যমৰ যাতনাৰ সন্মুখীন হ'বলগীয়া হৈছে টীয়কৰ লাহোৱাল দত্ত চুকৰ ৰাইজ । 2023 চনতে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই দত্ত চুকৰ প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ পাচত সমষ্টিৰ পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াত উক্ত অঞ্চলটো মৰিয়নী সমষ্টিৰ অন্তৰ্ভুক্ত হয় । যাৰ ফলত আজি প্ৰায় ডেৰটা বছৰে পথটোৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে ।
বিশেষকৈ এজাক বৰষুণতে উক্ত পথৰ অৱস্থা হৈ পৰে অতি শোচনীয়, যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থীৰ লগতে স্থানীয় ৰাইজ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷ সমান্তৰালভাৱে পথটো নিৰ্মাণ সম্পৰ্কীয় আবেদন/অভিযোগ এতিয়া টীয়কৰ বিধায়কক দিব নে মৰিয়নীৰ বিধায়কক দাখিল কৰিব তাকেলৈয়ো বিপাঙত পৰিছে স্থানীয় ৰাইজ ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সৰ্বত্ৰে বিকাশ হোৱা বুলি দাবী কৰি অহাৰ সময়তে চীয়কৰ এই চিত্ৰখনে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱাইছে ৷