টীয়কৰ হাঁহচৰা চূড়ামণি গাঁৱৰ মূল পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক - poor road condition in teok - POOR ROAD CONDITION IN TEOK
Published : May 28, 2024, 11:01 PM IST
টীয়ক, ২৮ মে' : যিসময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্লোগান দিছে, সেই সময়ত প্ৰকৃততে বিকাশ কেনেদৰে আহিছে তাৰ এখন ছবি প্ৰতিফলিত হৈছে টীয়কত । টীয়ক সমষ্টিৰ জাঁজী হাঁহচৰা চূড়ামণি গাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী মূল পথটোৰ দুৰৱস্থাই উদঙাইছে বিকাশৰ প্ৰকৃত ছবি ৷
এই বৃহত্তৰ অঞ্চলটোৰ বহিঃজগতৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চূড়ামণি গাওঁ হৈ ললিত চন্দ্ৰ ৰাজখোৱা পথৰ লগত সংযোগী এই পথটো । কিন্তু এই পথটোৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে এইসকল গাওঁবাসীয়ে । নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে; প্ৰতিটো নিৰ্বাচনতেই একে প্ৰতিশ্ৰুতি- পথটো হ’ব ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতেই পথছোৱাৰ উন্নতিৰ নামত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷
বিধায়ক-সাংসদক অনুৰোধ কৰি কৰি ভাগৰি পৰিছে এইসকল ৰাইজ । কিন্তু আজিকোপতি নহ'ল ইয়াৰ একো সু-ব্যৱস্থা । সেয়ে কিনকিনিয়া বৰষুণকো নেওচি অঞ্চলটোৰ ৰাইজ ৰাজপথলৈ ওলাই আহি পথটোৰে অনতি পলমে যাতায়াত সুচল কৰি দিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছে ।