অসম

assam

ETV Bharat / videos

সৰুসজাই ষ্টেডিয়ামত আৰম্ভ "ঝুমইৰ বিনন্দিনী": অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ LIVE - JHUMOIR BINANDINI 2025

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 6:53 PM IST

ঝুমইৰ বিনন্দিনীৰে মুখৰিত হৈ পৰিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । ২০০ বছৰীয়া চাহ জনগোষ্ঠীৰ সংস্কৃতিক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ চাহ জনগোষ্ঠীৰ মহিলা নৃত্যশিল্পী আৰু পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ সৰ্বমুঠ ৯ হাজাৰৰো অধিক শিল্পীয়ে ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰিছে ৷ গুৱাহাটীত আয়োজিত সৰ্ববৃহৎ ঝুমুৰ অনুষ্ঠান ‘‘ঝুমইৰ বিনন্দিনী’’ত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত অহা বিভিন্ন দেশৰ বহু প্ৰতিনিধিয়েও অংশ লৈছে ঝুমইৰ বিনন্দিনীৰ এই অনুষ্ঠানত ৷ দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝুমইৰ বিনন্দিনীৰ সাক্ষী হোৱাৰ লগতে  খানাপাৰাত আয়োজিত এডভাণ্টেজ আছাম- ২.০ ৰ কাৰ্যসূচীও উদ্বোধন কৰিব ৷

ABOUT THE AUTHOR

...view details