অসম

assam

মৰিয়নীৰ ৰাইজে বহুবাৰ এজন পগলা মানুহক ভোট দিলে: শৃংখল চলিহা - Shrinkhal Chaliha

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 5:15 PM IST

ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে শৃংখল চলিহাই (ETV Bharat Assam)

শিৱসাগৰ,২১ আগষ্ট: অনাঅসমীয়া ব্যৱসায়ীক নাকি লগোৱাৰ পিছতেই এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই । বিধায়কগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত চলিহাই ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসা কৰোৱাৰ পৰামৰ্শ প্ৰদান কৰে । এই সন্দৰ্ভত শৃংখল চলিহাই কয়,"ৰূপজ্যোতি কুৰ্মী মস্তিস্কৰ উৰ্বৰতা নথকা মানুহ । মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই ।"

ৰূপজ্যোতি কুৰ্মী সম্পৰ্কত তেওঁ পৰামৰ্শ দি কয়," বিজেপি চৰকাৰে ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসকৰ ওচৰত চিকিৎসা কৰাওক । চিকিৎসা কৰোৱাৰ পিছত যেতিয়া চিকিৎসকে দিয়া প্ৰমাণপত্ৰ আমি দেখিম তেতিয়াহে আমি ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম । ২০২৬ ত ৰূপজ্যোতি কুৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত লোকক মৰিয়নীৰ ৰাইজে আৰু ভোট নিদিয়ে । মৰিয়নীৰ ৰাইজে বহুবাৰ এজন পগলা মানুহক ভোট দিলে । ২০২৬ ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মী প্ৰায় এক, ডেৰলাখ ভোটত হাৰিব । " লগতে মানসিক বিকাৰগ্ৰস্ত ৰূপজ্যোতি কুৰ্মীক যদি বিজেপিয়ে সহায় নকৰে তেন্তে বীৰ লাচিত সেনাই সম্পূৰ্ণ চিকিৎসাৰ খৰচ বহন কৰিব বুলি উল্লেখ কৰে শৃংখল চলিহাই । 

লগতে পঢ়ক: শংকৰ সিঙেও উঠাই ল'লে শৃংখলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ - FIR against Shrinkhal Chaliha

অসমত অসমীয়া জাতীয় সংগঠনৰ অভাৱ হৈছে নেকি ? বীৰ লাচিত সেনাৰ প্ৰশ্ন - Veer Lachit Sena

ABOUT THE AUTHOR

...view details