অসম

assam

ETV Bharat / videos

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪৩৩ গৰাকী কৃতি শিক্ষাৰ্থীক এককালীন সাহাৰ্য বিতৰণ - Mising Autonomous Council

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:28 PM IST

জোনাই, ৮ জুলাই: মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সোমবাৰৰ পৰা পৰিষদৰ অৰ্ন্তগত বিভিন্ন সমষ্টিত মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন সাহাৰ্য বিতৰণৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি জোনাইত ২নং মুৰ্কংচেলেক স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেধাৱী শিক্ষাৰ্থীসকলক এককালীন সাহাৰ্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ জোনাইৰ মুৰ্কংচেলেক কৃষ্টি ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ২০২৩-২৪ আৰু ২০২৪-২৫ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ৪৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সাহাৰ্য বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷  

এই অনুষ্ঠানটোত ২নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে সভাৰ উদ্বোধনী ভাষণ আগবঢ়ায় । জোনাই গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য কমলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই অংশগ্ৰহণ কৰে ।  

অনুষ্ঠানটোত টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, অধ্যক্ষ প্ৰাণজিত পেগু, প্ৰধান শিক্ষক বন্ধুৰাম চুংক্ৰাং, প্ৰধান শিক্ষয়িত্ৰী দিপ্তী লাগাছু, সমাজকৰ্মী জয়ন্ত বৰি, পূৱ জোনাই বিজেপি মণ্ডলৰ সভিপতি আদিত্য বৰুৱা, জোনাই জিলা টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাঙে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত তিনিশ মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - AASU Felicitation Programme

মটক স্বায়ত্তশাসিত পৰিষদৰ বেংমৰা জ্ঞানজ্যোতি আঁচনিৰ অধীনত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - Felicitation To Brilliant Students

ABOUT THE AUTHOR

...view details