যোগেন মহনে কোৱাৰ দৰেই গেৰুৱা বসন পিন্ধিব নেকি প্ৰাক্তন কংগ্ৰেছী ভৰত নৰহে ? - Bharat Chandra Narah quits Congress - BHARAT CHANDRA NARAH QUITS CONGRESS
Published : Mar 25, 2024, 1:21 PM IST
মৰাণ, 25 মাৰ্চ : "এতিয়া কংগ্ৰেছক ভোট দি লাভ নাই ৷ বিজেপিক ভোট দিয়া মানে কংগ্ৰেছক ভোট দিয়া ৷" ভৰত নৰহে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাচতেই মৰাণত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷
বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ দলে শনিবাৰে ঘোষণা কৰে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহক টিকট দিয়াৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাচতে কংগ্ৰেছ দলত আৰম্ভ হয় বিদ্ৰোহৰ ।
হাজৰিকাৰ নাম ঘোষণাৰ পিচদিনাই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰিছিল নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷ ইয়াৰ পাচতে সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰিলে কংগ্রেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহে । ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিধায়কগৰাকীয়ে ।
মৰাণত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজহ মন্ত্ৰী যোগেন মহনে লোকসভা নিৰ্বাচনৰ পাচত কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব বুলি উল্লেখ কৰে । বিধায়ক ভৰত নৰহে বিজেপিত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী যোগেন মহনে কয়, "কংগ্ৰেছ ত্যাগ কৰি বেলেগত যোগদান কৰিবলৈ দলেই নাই ৷ বিজেপিতেই যোগদান কৰিব লাগিব ।"
লগতে পঢ়ক : টিকটৰ পৰা বঞ্চিত পত্নী : প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ - Bharat Narah resigns