অসম

assam

বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on by election

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 10:06 PM IST

উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

চৰাইদেউ,২ আগষ্ট: লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাচতে কেইবাটাও সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে । কিয়নো কেইবাজনো বিধায়কে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ হোৱা পাচতেই বিধায়ক পদ এৰিব লগা হৈছে । সেয়ে এতিয়া শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী দলসমূহ একত্ৰিত হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ । কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাচতে বিৰোধী ঐক্য মঞ্চৰ মূল দল কংগ্ৰেছে হ'বলগা উপ-নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত লোৱা বুলি খবৰ ওলোৱাৰ পাচতে বিৰোধী ঐক্য মঞ্চত থকা দলসমূহৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।  

উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ সিদ্ধান্তৰ পাচতে শুকুৰবাৰে চৰাইদেউত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, "মানু্হৰ মাজত যি আশাবাদী ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছে তাৰ মুল কাৰণেই হ'ল ঐক্যৱদ্ধ হৈ নিৰ্বাচনত যুঁজাৰ চিন্তা । সেই চিন্তাক লৈ সকলো আগবাঢ়িব লাগে । এতিয়া এনেকুৱা পৰিৱেশ অহা নাই যে অকলেই বিজেপিক পৰাভূত কৰিব পৰা পৰিৱেশ আছে । বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব, একতাত শক্তি আছে ।" লগতে বিৰোধী ঐক্য মঞ্চ শক্তিশালী কৰা আৰু বিৰোধী ঐক্য মঞ্চত থাকি ৰাজনৈতিক যুঁজ দিয়াত অসম জাতীয় পৰিষদে প্ৰথমৰ পৰাই চেষ্টা কৰি আহিছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে । 

লগতে পঢ়ক: উপ-নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ ইংগিত : বিৰোধী ঐক্য মঞ্চৰ অংকত আউল - AJP LEADER LURINJYOTI GOGOI

যুঁজ দি পৰাজিত বিৰোধী ঐক্য মঞ্চ সমৰ্থিত তিনি প্ৰাৰ্থীক সম্বৰ্ধনা - Opposition unity forum Assam

বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok sabha election 2024 Exit poll

ABOUT THE AUTHOR

...view details